পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ ৬ নং ৱাৰ্ডৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু কংগ্ৰেছ দলৰ ঘাটি হিচাপে পৰিচিত ২ নং কটাহবাৰীত ২৭ জানুৱাৰীৰ সন্ধিয়া আব্দুল আজিজ, মইনুল হক, আব্দুৰ ৰচিদ, মান্নান মিশ্রি, নীলিমা খাতুন, মাৰ্জিনা খাতুনৰ নেতৃত্বত পাঁচ শতাধিক কংগ্ৰেছ কর্মী-সমৰ্থকে অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। আনহাতে এই উপলক্ষে মৌলানা কৰিব আব্দুছ চালাম কাচিমিৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অগপ দলত যোগদান কৰা সকলক আদৰণি জনাই পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ভাষণ প্ৰসংগত বিধায়ক কলিতাই অগপ দলেহে ৰাজনীতিৰ উৰ্ধত ৰাজ্যৰ সংখ্যালঘু লোক সকলৰ কল্যাণৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা বুলি ব্যক্ত কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে কেৱল সংখ্যালঘু লোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত আচগৰ আলী, ফজল আলী, বৰষা নাথ কলিতা, অজয়া ৰাভা, নকুল কলিতা, বলেন দাসকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে দলত যোগদান কৰা কেইবাজনেও আগন্তক দিনত অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা যাতে মিত্ৰজোঁটৰ হৈ পুনৰ বিজয়ী হব পাৰে তাৰ বাবে হাতে কামে নামি পৰিব বুলি সদৰি কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন