পশ্চিম গুৱাহাটীৰ ৰাণীত খেতি পথাৰত বাৰমাহে পানী যোগান ধৰাৰ বাবে বিধায়কৰ তৎপৰতাত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি

0 301

কৃষি আৰু জলসিঞ্চন এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে । জলসিঞ্চন অবিহনে কৃষিকৰ্ম বিশেষকৈ শালি ধান খেতিৰ কথা ভাবিবই নোৱাৰি । আনহাতে জলবায়ুৰ পৰিবৰ্তনকে ধৰি বিভিন্ন প্ৰাকৃতিক কাৰণৰ বাবে বৰষুণৰ পৰিমাণ কমি অহাত কৃষক ৰাইজ জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হৈছে । এই সময়তে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজক পূৰ্বৰ জলসিঞ্চন আঁচনিখন উন্নীতকৰণ কৰি নতুন উদ্যমৰে পানী যোগান ধৰিবলৈ অভিলাষী আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে । সাধাৰণতে কৃষকক সময়মতে পানী যোগান ধৰিব নোৱাৰা বুলি বদনাম হৈ থকাৰ মাজতে জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলে মেঘালয়ৰ সীমান্তবৰ্তী ৰাণীত থকা আৰু মেঘালয়ৰ পৰা বৈ অহা বোৱতী কপিলী নৈত বান্ধ দি পানী দুৱাৰৰ ব্যৱস্থা কৰি এক বৃহত্তৰ অঞ্চলত কেনেল নিৰ্মাণ কৰি খেতি পথাৰত পানী যোগান ধৰি আহিছিল । কিন্তু ২০২১ চনত ষষ্ঠবাৰৰ বাবে পশ্চিম গুৱাহাটীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া – অভিযন্তা সকলৰ সৈতে কেবালানিও বৈঠক অনুষ্ঠিত কৰি কৃষি প্ৰধান ৰাণী অঞ্চলৰ কৃষকৰ জীৱন ৰেখা স্বৰূপ কপিলী আৰু কালমণি জলসিঞ্চন আঁচনি দুখনক উন্নীতকৰণ কৰি কিদৰে আৰু অধিক কৃষকক সামৰি অধিক মাটিত পানী যোগান ধৰিব পাৰি তাৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি পূৰ্বৰ ৯৫০ হেক্টৰ মাটিত পানী যোগান ধৰাৰ ক্ষমতা থকা কপিলী জলসিঞ্চন আঁচনিখনৰ জৰিয়তে ১৫০০ হেক্টৰলৈ উন্নীতকৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হয় । তেনেদৰে কালমণি আঁচনিখনৰো পানী যোগান ধৰাৰ বহুখিনি বৃদ্ধি কৰা হয় । বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত কপিলী আঁচনি উন্নীতকৰণৰ বাবে প্ৰায় ৮ কৌটি টকা আৰু কালমণি আঁচনি উন্নীতকৰণৰ বাবে ১.৪২ কৌটি টকা ধার্য কৰা হৈছিল । সেই অনুসৰি বিগত নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা দায়িত্ববাহী ঠিকাদাৰক কাম কৰিবলৈ নিৰ্দেশ দিয়া হয় । জানিব পৰা মতে বিভাগীয় নিৰ্দেশনা অনুসৰি দায়িত্ববাহী ঠিকাদাৰসকলে ২০ মাৰ্চৰ পূৰ্বে কাম সম্পূৰ্ণ কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম সমূহ কৰি থকা পৰিলক্ষিত হৈছে । ইতিমধ্যে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যোৱা জানুৱাৰী মাহৰ শেষৰ ফালে বিভাগীয় শীৰ্ষ অভিযন্তা সকলৰ সৈতে দিনযোৰাকৈ দুয়োখন আঁচনিৰ অধীনত চলি থকা কেনেলৰ মেৰামতি আৰু পুণৰনিৰ্মাণৰ কাম সমূহ পৰিদৰ্শন কৰি নিৰ্ধাৰিত সময়ৰ আগতেই যাতে সকলো কাম সম্পূৰ্ণ হয় আৰু আগন্তক শালি খেতিৰ সময়ত যাতে কৃষক সকলে পানী লাভ কৰে তাৰ বাবে নিৰ্দেশ দিছিল । আনহাতে দুয়োখন আঁচনিৰ ৰূপায়ণৰ দায়িত্বত থকা পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিলাক্ষী দাস , সহকাৰী অভিযন্তা জিন্নাট উল্লাহকে ধৰি কেবাজনো কনিষ্ঠ অভিযন্তা , ক্ষেত্ৰ সহায়কে প্ৰায়ে ৰাণীত বাঁহৰ পাতি কেনেলৰ মেৰামতি আৰু পুনৰনিৰ্মাণ কাৰ্য তদাৰক কৰি থকা পৰিলক্ষিত হৈছে । দুয়োখন আঁচনিৰ উন্নীতকৰণৰ কাম শেষ হলে ৰাণী , ধৰমপুৰ , কাঁহাৰপাৰা , গুইমাৰী পথাৰ , ইছলামপুৰ , লোচনা তাৰাৱতী , ৰাঙাপাৰা , আল্লীবাৰী , সজ্জনপাৰা , জবে পাটগাঁওকে ধৰি এক বৃহত্তৰ অঞ্চলৰ কেবা হাজাৰ কৃষক ৰাইজ পোনপটীয়াকৈ উপকৃত হোৱাটো নিশ্চিত । সহকাৰী কাৰ্যবাহী অভিযন্তা নিলাক্ষী দাস আৰু সহকাৰী অভিযন্তা জিন্নাট উল্লাহে জানিবলৈ দিয়া মতে আঁচনি দুখনৰ অধীনত পথাৰত পানী যোগানৰ বাবে ২১ কিঃমিঃ দৈৰ্ঘ্যৰ কেনেল আছে । ইয়াৰ ভিতৰত কপিলী এফ আই এছৰ অধীনত থকা ১৭ কিঃমিঃৰ ভিতৰত বিভাগীয় প্ৰাককলন অনুসৰি ১৩ কিঃমিঃ মেৰামতি কৰি থকা হৈছে । তেনেদৰে ৪ কিঃমিঃ দৈৰ্ঘ্যৰ কালমণি আঁচনিৰ ১ কিঃমিঃ মেৰামতি কৰি থকা হৈছে । পূৰ্বতে কালমণি আঁচনি খনৰ অধীনত প্ৰায় ২০০ হেক্টৰ মাটিত পানী যোগান ধৰা হৈছিল । এতিয়া ইয়াৰ ক্ষমতা ৪৫০ হেক্টৰলৈ বৃদ্ধি পাব । বৰ্তমান চলি মেৰামতি আৰু পুনৰনিৰ্মান কৰি থকা হৈছে আৰু নিৰ্ধাৰিত সময়ৰ আগতেই অহা কেইদিনমানৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হব বুলি অভিযন্তাদ্বয়ে সদৰি কৰিছে । আনহাতে কেৱল শালি ধানৰ খেতিয়েই নহয় বছৰটোৰ বাৰ মাহেই যাতে কৃষকে পথাৰত খেতি কৰিব পাৰে তেনে ধৰণে আঁচনিখন ৰূপায়ণ কৰা হৈছে । আনকি কাম চলি থকাৰ সময়ত অঞ্চলটোৰ সকলো গাওঁৰ ৰাইজৰ কমিটি , পথাৰ পৰিচালনা কমিটি আৰু কৃষিৰ লগত জড়িত ব্যক্তি – কৰ্মকর্তা সকলৰ দিহা পৰামৰ্শ গ্ৰহণ কৰা হৈছে । উল্লেখযোগ্য যে কৃষি প্ৰধান ৰাণী অঞ্চলৰ কৃষকৰ জীৱন ৰেখা স্বৰূপ দুয়োখন আঁচনি সফল ৰূপায়ণৰ বাবে ৰাইজে পূৰ্বতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছিল ।

বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.