পশ্চিম গুৱাহাটীৰ ৰাণীৰ খেতি পথাৰত আগতীয়াকৈ সাজু হৈছে শালি ধানৰ খেতিয়ক -বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে বন বিভাগক আহ্বান

0 182

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বৃহত্তৰ ৰাণী অঞ্চলৰ কৃষক সকল এইবেলি বৰষুণ আগতীয়াকৈ হোৱাত তাৰ সুযোগ লৈ শালি ধানৰ খেতিৰ বাবে সাজু হৈছে। ইতিমধ্যে বেছিভাগ কৃষকে শালি ধানৰ বাবে অতি প্ৰয়োজনীয় কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰাৰ সমান্তৰালভাবে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আৰু যিসকলৰ হালৰ গৰু আছে তেওঁলোকে গৰু লৈ মাটি চহ কৰা কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। কিন্তু একাংশ কৃষকে সদৰি কৰা অনুসৰি কৃষক সকলৰ শালি ধান বা আন খেতিৰ বহু কথা নিৰ্ভৰ কৰে বনৰীয়া হাতীৰ উপদ্ৰৱৰ ওপৰত। বনৰীয়া হাতীৰ উপদ্ৰৱ কম বা নূন্যতম হলে খেতি ভাল হয়, আৰু যদি বনৰীয়া হাতীৰ উপদ্ৰৱ বেছি বা অনিয়ন্ত্ৰিত হলে সেইবাৰ খেতি বেয়া হব। এই সন্দৰ্ভত অঞ্চলটোৰ কৃষক সকলৰ অন্যতম সংগঠন ৰাণী মৈৰাপুৰ হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ আৰু সম্পাদক বিনয় দাসে জানিবলৈ দিয়া মতে ৰাজ্যৰ বহু অঞ্চলৰ দৰে ৰাণীত বানপানী বা খৰাং পৰিস্থিতিৰ উদ্ভৱ নহয়। প্ৰাকৃতিকভাবে কৃষক সকলে যুগ যুগ ধৰি শালি ধানৰ খেতি কৰি আহিছে। মাত্ৰ মূল সমস্যাটো হল বনৰীয়া হাতীৰ উপদ্ৰৱ বা খেতি পথাৰৰ ওপৰেৰে বনৰীয়া হাতীৰ অবাধ আহ-যোৱাৰ ফলত হাতীৰ গছকত বহু ধান নষ্ট হয়। ফলত কৃষকে কপালৰ ঘাম মাটিত পেলাই বহু ধন খৰছ আৰু কষ্ট কৰি কৰা খেতিডৰা অথলে যায় । কৃষক নেতাদ্বয় দীনেশ নাথ আৰু বিনয় দাসে জানিবলৈ দিয়া মতে অসম – মেঘালয় সীমান্তৰ ৰাণী অঞ্চলৰ পুৰাণ শুকুৰবৰীয়া , নালাপাৰা , মাণিকপুৰ , বেলগুৰী , পশ্ৰুখোৱা , গনপতি , মেকুৰীকুছি , গৰাখহনীয়া পাৰা , পাত হালধীয়া , বিক্ৰমপুৰ , নিৰলপুৰ , মৈৰাপুৰ পাটগাঁও আদি অঞ্চলৰ খেতি পথাৰ সমুহ কাষৰীয়া মেঘালয়ৰ পাহাৰৰ পৰা নিজৰাৰে নামি অহা পানীৰে জীপাল হৈ থাকে । এইবেলি বিগত প্ৰায় ডেৰমাহ ধৰি হৈ থকা বৰষুণৰ বাবে খেতি পথাৰ সমূহ অইনবাৰতকৈ আগতীয়াকৈ কৃষি উপযোগী হৈ পৰিছে । ফলত বেছিভাগ কৃষকে ইতিমধ্যে পথাৰত ভূঁই ৰোৱাৰ বাবে আগতীয়াকৈ কঠিয়া সিঁচিছে । অৱশ্যে কিছু কিছু ঠাইত বনৰীয়া হাতী অহা যোৱা কৰোতে সেই কঠীয়াথলীৰ ওপৰেৰে গছকি যোৱাত বহু কঠীয়া নষ্ট হোৱাৰো উপক্ৰম হৈছে । এই সন্দৰ্ভত ৰাণীৰ আঞ্চলিক বন বিষয়া গৰাকীক অৱগত কৰা হৈছে বুলি কৃষক নেতাদ্বয়ে সদৰি কৰিছে ।আনহাতে বিক্ৰমপুৰ অঞ্চলৰ উদীয়মান কৃষক তথা সাংবাদিক জোন ৰাভাকে ধৰি কৃষি – কৰ্মত জড়িত একাংশ যুৱকে জানিবলৈ দিয়া মতে বিগত দিনকেইটাত হৈ থকা বৰষুণক নেওচিও তেওঁলোকে সাধ্যানুসৰি মাটিডৰা যাতে কৃষি উপযোগী কৰি তুলিব পাৰি তাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে । ইফালে ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীয়ে জানিবলৈ দিয়া মতে খেতি পথাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ বিষয়টো বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে । ইতিমধ্যে শুকুৰবৰীয়া , নালাপাৰা , জয়পুৰ , চেঁচা , গাৰোপাৰা আদি খণ্ড বন কাৰ্যালয় , বন শিবিৰত থকা বনকর্মী সকলক ৰাইজৰ সৈতে সহযোগিতা কৰি কিদৰে হাতীৰ উপদ্ৰৱ ৰোধ কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে । তেনেদৰে আগন্তক সময়ত এই সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰা হব বুলি আঞ্চলিক বন বিষয়াজনে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.