কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা মালিক, ব্যৱসায়ীক উদ্যোগ- প্ৰতিষ্ঠানৰ বিৰুদ্ধে পূৰ্ণোৎদমে চলি আছে পৰিবহণ বিভাগৰ অভিযান। আজি মহানগৰীৰ ভূতনাথ, মালিগাঁও, কামাখ্যা, ফেন্সীবজাৰ আৰু ভৰলুমুখ আদি অঞ্চলত অভিযান তীব্ৰতৰ কৰি তোলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ অভিযানকাৰী দলে। এই বৃহৎ অঞ্চলৰ মহানগৰীৰ ৰাজপথত গাড়ীৰ নথিপত্ৰসমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰি ক’তো অকনো পানী নসৰকাকৈ অভিযান তীব্ৰতৰ কৰি তোলে। অভিযানৰ সময়ত বৃহৎ কৰ ফাঁকিৰে ৰাজপথত বিনাদ্বিধাই গাড়ী চলাই থকাৰ তথ্য ধৰা পৰাত ২০ খনকৈ গাড়ীৰ মালিকৰ বিৰুদ্ধে গোচৰ তৰি ই-চালান প্ৰেৰণ কৰাৰ লগতে ৩ খন ব্যৱসায়িক বাহন জব্দ কৰা হয়। ইফালে কালি দশমদিনা মহানগৰীৰ খানাপাৰাৰ পৰা যোৰাবাট, সোনাপুৰ, ক্ষেত্ৰী, ন-মাইল, কিলিংৰোড, বৰ্ণিহাটহৈ মেঘালয় সীমান্তৰ যোৰবিল অঞ্চললৈকে অভিযান চলোৱা হয়। অভিযানৰ সময়ত ব্যক্তিগত মালিকানাধীন বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানত বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ শীঘ্ৰে অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনাই ডিমাণ্ড নটিছ প্ৰেৰণ কৰে। অভিযানৰ সময়ত বিগত দহ দিনত ৫ কোটিতকৈয়ো অধিক টকাৰ কৰ সংগ্ৰহৰ বিপৰীতে মহানগৰীত এতিয়াও ১০০ কোটিতকৈয়ো অধিক বকেয়া কৰ দিবলৈ বাকী আছে যানবাহনৰ মালিকে। কেবল কৰ সংগ্ৰহতে ছাৰখাৰ অভিযান সীমাবদ্ধ নাৰাখি ইয়াৰ সমান্তৰালভাৱে সজাগতা অভিযানো প্ৰতিদিনেই অব্যাহত ৰখা হৈছে। ৰাজপথত গাড়ীৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পৰা উদ্যোগ-প্ৰতিষ্ঠানকে ধৰি বাহনৰ গৰাকীৰ ঘৰত বিষয়াৰ দল উপষ্ঠিত হওঁতেও প্ৰতি মুহূৰ্ততে বিভাগৰ উদ্যোগত মাইকযোগে সময়মতে কৰ আদায় দি নিজকে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে পৰিচয় দিবলৈ সকলো যানবাহনৰ মালিকৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই কাৰ্যত অৱহেলা কৰিলে সন্মুখীন হ’বপৰা সমস্যা আৰু এইক্ষেত্ৰত লবলগীয়া সাৱধানতা সন্দৰ্ভতো সজাগ আৰু সচেতন কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign