এগৰাকী লোকৰ প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন ।এখন চাইকেলত উঠি বিদ্যালয়ে বিদ্যালয়ে গৈ তেখেতে ৰোপন কৰিছে গছপুলি। অসমৰ শিক্ষানুষ্ঠান সমূহত গৈ গছ পুলি ৰোপন কৰি পৰিৱেশ সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিছে নগাঁৱৰ মিছাৰ কুদ্ৰত আলি নামৰ লোকজনে ৷ যি সময়ত একাংশই গছ কাটি প্ৰকৃতিক ধ্বংস কৰিছে, সেই সময়ত প্ৰকৃতিক সুন্দৰ ৰূপত সজাবলৈ সমগ্ৰ অসমৰ শিক্ষানুষ্ঠানত গৈ গছপুলি ৰুই প্ৰকৃতিপ্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শন দেখুৱাইছে ৷ এখন চাইকেলত গছপুলি লৈ চাইকেলেৰেই বিভিন্ন ঠাই ভ্ৰমণ কৰি আছে ৷এই ক্ষেত্ৰত তেখেতে সকলো খৰচ ব্যক্তিগতভাৱে বহন কৰিছে ৷ বৰ্তমান গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ বাদুলিপাৰত কাৰ্যসূচী ৰূপায়ণ কৰি আছে ৷ অনাগত দিনত অসমৰ প্ৰতিখন জিলাতে এনেধৰণে গছপুলি ৰোপন কৰাৰ কথা মনপোষণ কৰিছে ৷
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা