প্ৰথমখন অসমীয়া কল্পবিজ্ঞান ভিত্তিক ছবি অৱতৰণৰ মুক্তি লাভ

0 182

প্ৰথমখন অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচ্চিত্ৰ ‘অৱতৰণ’ আজি মুক্তি লাভ কৰিলে। শ্ৰীমন্ত কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই চলচ্চিত্ৰখন আনুষ্ঠানিক ভাৱে মুক্তি লাভ কৰে। টি ডি ফিল্ম ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক আৰু প্ৰযোজক হৈছে তৰুণাভ দত্ত। উল্লেখযোগ্য যে সম্পূৰ্ণ ন বছৰীয়া পৰিকল্পনাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনত প্ৰায় ৮০% ভি এফ এক্স আৰু ৩ডি এনিমেচনেৰে ভৰপূৰ।চিনেমাখনত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া, ৰিম্পী দাস, সৌৰভ হাজৰিকা, অনন্যা পৰাশৰ, সমীৰ ৰঞ্জন, গোবিন্দা মালাকাৰ, সংগীতা পাচনি, বিশাল পি চলিহা, ৰীমা কাইফ আৰু দিব্যম শীলে।ছবিখনৰ সংগীত ব্যৱস্থাপনা নিলুৎপল চলিহা, ধীৰাজ দত্ত। গীতকেইটিত কন্ঠদান কৰিছে ৰূপম ভূঞা,অৰুন্ধতী বেজবৰুৱা আৰু ৰিমলী ভূঞাই।

Leave A Reply

Your email address will not be published.