আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ আহ্বান APDCLৰ

0 216

ৰাজ্যবাসীলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে জনাইছে এক বিশেষ আহ্বান।আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ আহ্বান জনাইছে APDCL-য়ে।উল্লেখ্য যে, আজি নিশা ৮.৩০ মিনিটৰ পৰা ৯.৩০ বজালৈ সমগ্র বিশ্বতে পালন কৰা হ’ব ‘ধৰিত্রী ঘণ্টা’।এঘণ্টাজোৰা এই সময়ছোৱাত পৰিহাৰ কৰা হ’ব বৈদ্যুতিক পোহৰ।WWF-Indiaৰ সমর্থনত ভাৰতৰ বিভিন্ন প্ৰান্ততো ‘ধৰিত্রী ঘন্টা’ পালন কৰা হ’ব।‘ধৰিত্রী ঘন্টা’ৰ সময়ছোৱাত সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ ৰাজ্যবাসীক অনুৰোধ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড , এই সময়খিনিত কেৱল অত্যন্ত প্রয়োজনীয় লাইটসমূহে জ্বলাবলৈহে অনুৰোধ APDCLৰ।

Leave A Reply

Your email address will not be published.