ৰঙিয়াৰ ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ সাহিত্য দিৱস পালন

0 153

ৰঙিয়াৰ “ৰণ্‌দিয়া (শতদল) সাহিত্য সভা” ই যোৱাবেলিৰ দৰে এইবেলিওঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱক সুৱৰি “সাহিত্য দিৱস” পালন কৰে ৷ৰণ্‌দিয়া (শতদল) সাহিত্য সভা”ৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাপতি প্ৰতুল ভূঞাই আৰু পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শাখাটিৰ সভ্যসকলে ৷ বহুকেইজন সভ্যই অংশগ্ৰহণ কৰা অনুষ্ঠানটিত ৰসৰাজৰ জীৱন আৰু সাহিত্যৰ ওপৰত বিভিন্ন দিশ সাঙুৰি আলোকপাত কৰে ক্ৰমে ৰঙিয়াৰ বিশিষ্ট অধিবক্তা মুনীন্দ্ৰ শৰ্মা, ভূপেন্দ্ৰ লহকৰ, প্ৰতুল ভূঞা, জয়ন্ত জিত কলিতা , বিমলা দেৱী ডিম্বেশ্বৰ কলিতা আৰু হেমন্ত কলিতাই ৷ তাৰ মাজতে কেইজনমান সভ্যক সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷শেষত সম্পাদক হেমন্ত কলিতাই আটাইলৈ শলাগৰ শৰাই আগবঢ়াই আৰু অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি কৰা হয় ৷

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.