ৰাজ্যত স্থাপন হ’ব দ্বিতীয়খন সৈনিক স্কুল। গোৱালপাৰাৰ পিছত এইবাৰ সৈনিক স্কুল স্থাপন হ’ব কাছাৰত।কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা ১০০ খন সৈনিক স্কুল স্থাপনৰ আঁচনিৰ অধীনত অসমৰ কাছাৰ জিলাত দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ বাবে অনুমোদন জনাইছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।উল্লেখ্য যে, শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মুঠ ২১ খন সৈনিক স্কুল স্থাপনত নতুনকৈ অনুমোদন জনায়।নতুনকৈ অনুমোদন জনোৱা সৈনিক স্কুল সমূহৰ ভিতৰত অসমৰ কাছাৰ জিলাত অৱস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ত এখন সৈনিক স্কুল স্থাপন কৰা হ’ব।অসমৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ আন দুখন ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাং আৰু নাগালেণ্ডৰ ডিমাপুৰতো একোখনকৈ সৈনিক স্কুল স্থাপন কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ে অনুমোদন জনাইছে।বেচৰকাৰী সংস্থা (এনজিঅ’), ব্যক্তিগত খণ্ডৰ বিদ্যালয় তথা ৰাজ্য চৰকাৰৰ সহযোগিতাত দেশত ১০০ খন নতুন সৈনিক স্কুল স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছিল আৰু এই পৰিকল্পনাৰে অংশস্বৰূপে দেশত নতুনকৈ ২১ খন সৈনিক স্কুল স্থাপনৰ অনুমোদন জনোৱা হৈছে।ইফালে নতুনকৈ অনুমোদন জনোৱা ৭ খন সৈনিক স্কুলত শিক্ষাৰ্থীৰ থকাৰ বাবে ব্যৱস্থা নাই বুলি জানিব পৰা হৈছে। ১২ সৈনিক স্কুলত বেচৰকাৰী সংস্থা, ন্যাস বা ছ’চাইটিৰ অংশীদাৰিত্ব থকাৰ বিপৰীতে আন ৬ খন হ’ব ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু ৩ খন হ’ব ৰাজ্য চৰকাৰৰ অধীনৰ বিদ্যালয়।সৈনিক স্কুলত অধ্যয়ন কৰাৰ বাবে আগ্রহী ছাত্র-ছাত্রীয়ে ষষ্ঠ শ্ৰেণীৰ পৰা এই সৈনিক স্কুলত নামভৰ্তি কৰিব পাৰিব। এইক্ষেত্ৰত সৈনিক স্কুলত নামভৰ্তিৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ মাজৰ পৰা ৪০ শতাংশ শিক্ষার্থীয়ে নতুন সৈনিক স্কুলত স্থান পোৱাৰ বিপৰীতে নামভৰ্তিকৰণৰ সুযোগ পোৱা বাকী ৬০ শতাংশ শিক্ষার্থী হ’ব সেই বিদ্যালয়ত পূৰ্বৰে পৰা অধ্যয়ন কৰি থকা আৰু সৈনিক স্কুলৰ শিক্ষাগ্ৰহণৰ বাবে ইচ্ছুক ছাত্র ছাত্রী।জানিব পৰা মতে, চলিত বৰ্ষৰ মে’ মাহৰ পৰা আৰম্ভ হ’ব নতুন সৈনিক স্কুল সমূহৰ নামভৰ্তিৰ প্ৰক্ৰিয়া।সৈনিক স্কুলত নামভৰ্তিৰ বাবে ইচ্ছুক ছাত্র-ছাত্রী বা তেওঁলোকৰ অভিভাৱকে এই বিষয়ে সবিশেষ তথ্য সংগ্ৰহৰ বাবে www.sainikschool.ncog.gov.in ৱেবছাইটত লগ ইন কৰিব পাৰে।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ