অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আজি মহামানৱ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি প্ৰদানেৰে কাৰ্য্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। প্ৰাৰ্থনা সমাপ্তিৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দ্বাৰা গঠিত ৭৫ তম্ স্বাধীনতা বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতে এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা উক্ত সভাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠক ডাঙৰীয়াই আমন্ত্ৰিত বক্তা হিচাপে এক তত্বগধূৰ বক্তব্য দাঙি ধৰে। প্ৰাক্তন সাংসদ বলীন কুলি দেৱে আঁত ধৰা সভাত প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই উদ্দেশ্যে ব্যাখ্যা কৰে। সমিতিৰ আহ্বায়ক নৃপেন ঠাকুৰীয়াই সম্বৰ্দ্ধনা অনুষ্ঠান পৰিচালনা কৰে। সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেকে গান্ধীজী আৰু লালবাহাদুৰ শাস্ত্ৰীৰ কৰ্মৰাজি আৰু দৰ্শনৰ ওপৰত আলোকপাত কৰে। সমিতিৰ হৈ সভাপতি শৰৎ বৰকটকীয়ে সভাপতিৰ ভাষণ প্ৰদান কৰে। সভাৰ হৈ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই শলাগৰ শৰাই আগবঢ়ায়। । বিধায়ক আব্দুল বাতেন খন্দকৰ, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিন, নুৰজামাল চৰকাৰ, চিৰাজুল হুছেইন শইকীয়া, মেহদী আলম বৰা, ড০ অশ্বিন মহন্ত, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস প্ৰমুখ্যে বহু জ্যোষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী