সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

0 221

ৰঙিয়াৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচন আৰু প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কোঠোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত এখন বিনামূলীয়া হোমেওপেথিক চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বিশিষ্ট পৰিচালক পঙ্কজ পল্লৱ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাখন উদ্বোধন কৰে কৃতি শিক্ষক যাদৱ কুমাৰ কলিতাই। শিবিৰটো আনুষ্ঠানিকভাবে উদ্ধোধন কৰে উত্তৰ কামৰূপ জিলা বিজেপিৰ উপসভাপতি তথা বিশিষ্ট সমাজকৰ্মী ভবেশ ডেকাই। উদ্ধোধনী ভাষনত ভৱেশ ডেকাই হোমেওপেথিক চিকিৎসাৰ পাশ্বক্ৰিয়া আৰু ইয়াৰ সফল প্ৰয়োগৰ বাখ্যা আগবঢ়ায়। সভাৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কৃতি শিক্ষক দেবেন শৰ্মাই। প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতীলৈ শ্ৰদ্ধা জনায় সহধৰ্মিনী যমুনা ডেকাই। সভাত লুইত একাদেমীৰ ছাত্ৰী মুনমী চক্ৰবৰ্তীয়ে নৃত্য পৰিবেশষন কৰে। গুৰু বন্দনা পৰিবেশন কৰে মনোৰঞ্জন ভাগৱতীৰ সঞ্চলনাত লুইত একাদেমীৰ ছাত্ৰ-ছাত্ৰীয়ে। ডাঃ পুলক লহকৰ, ডাঃ আৰিফুৰ ৰহমান, ডাঃ নয়নমনি কলিতা, ডাঃ জয়ন্ত কুমাৰ শৰ্মা, ডাঃ হৃষিকেশ লহকৰ আৰু ডাঃ মুকুল ভাগৱতীয়ে অঞ্চলটোৰ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। সভাৰ শেষত শলাগৰ সৰাই আগবঢ়ায় কৃতি শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মাই। সভাত অৱসৰ প্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ শৰ্মা, কুঞ্জধৰ ডেকা, কৰ্মচাৰী যতীন শৰ্মা সমাজকৰ্মী মহেন্দ্ৰ শালৈ দ্বিপেন কলিতা প্ৰমোখ্যে বহুজন উপস্থিত থাকে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই..

Leave A Reply

Your email address will not be published.