অসমৰ এক পুৰণি শিল্প হ’ল কুঁহিলা শিল্প। এই কুঁহিলা শিল্প অসমত গুৰুজনাৰ দিনৰে পৰা প্ৰচলন আছিল। কিন্তু আধুনিকতাৰ কৰাল গ্ৰাসত পৰি এই শিল্পবিধ হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ সময়তে কুঁহিলা শিল্পক প্ৰসাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বটদ্ৰৱাৰ এটা পৰিয়ালে।
১৯৭৭চনৰ পৰা শলগুৰি সত্ৰৰ নাম লগোৱা শিশুৰাম বৰুৱাই কুঁহিলা শিল্পক জীয়াই ৰাখিছে। উল্লেখযোগ্য যে কুঁহিলাৰ পৰা কঠ, বিভিন্নধৰণৰ মুখা, হাঁহ, পাৰ, হাতী, ঘোঁৰা, বাঘ, কাছ, মাছ, ফুল, মালা, মুকুট, অশোক স্তম্ভ, হনুমান, ৰাম, লক্ষ্মণ, দশাননৰ লগতে বিভিন্ন পুতলা প্ৰস্তুত কৰিছে। এইক্ষেত্ৰত শিশুৰাম বৰুৱাৰ পুত্ৰ ধৰ্মেশ্বৰ বৰুৱাই সহায়ৰ হাত আগবঢাইছে। জানিব পৰা মতে গুৰুজনাৰ দেহাৱসানৰ পিছত এই শিল্পবিধৰ চৰ্চা অসমত হোৱা নাছিল যদিও বৰদোৱা সত্ৰত ভকত সকলে কুঁহিলাৰ কঠ ব্যৱহাৰ কৰিছিল।
অৱশ্যে পৰৱৰ্তী সময়ত এই বিশেষ পৰিয়ালটোৱে কুঁহিলাক খেতি হিচাপে কৰাৰ আৰম্ভ কৰে। উল্লেখযোগ্য যে কুঁহিলা পানীতেহে হয়। প্ৰায় ৪ পৰা ৫ মাহৰ ভিতৰত একোটা কুঁহিলাৰ পুলিয়ে গছৰ ৰূপ লয় । কুঁহিলাৰ গছ কাটি আনি বাকলি গুছাই ৰ’দত শুকুৱা হয়।
সামগ্ৰী সমূহ প্ৰস্তুত কৰোতে ঢেঁকীয়াৰ আঠা, বাঁহৰ কাঠি আদি ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শিশুৰাম বৰুৱাৰ পৰিয়ালে কুঁহিলা শিল্পক নৱপ্ৰজন্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই শিল্প সাধনাৰ বাবে তেখেতে শিল্প সাধনাৰ ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শিশুৰাম বৰুৱাৰ পৰিয়ালে অসমীয়াৰ পৰম্পৰাগত শিল্পবিধক জীয়াই ৰাখিবলৈ লোৱা প্ৰচেষ্টাৰ বাবে সকলোৱে শলাগ লৈছে।
সহযোগ কৰিলে নগাঁৱৰপৰা ৰাহুল দেৱ বৰদলৈয়ে..