বিশ্ব চাইকেল দিৱসত আপুনিও অংশীদাৰ হওক

0 343

চাইকেল চলোৱাতো কেৱল পৰিৱেশৰ বাবেই উপকাৰী নহয়, ই আমাৰ শৰীৰৰ বাবেও উপকাৰী। আজি বিশ্ব চাইকেল দিৱস। ২০১৮চনৰ পৰা এই দিৱস সমগ্ৰ বিশ্বই উদযাপন কৰি আহিছে। ইউনাইটেড নেচনছ জেনেৰেল এছেম্বলিৰ ঘোষণা মৰ্মে দেশত তৃতীয়বাৰৰ বাবে আজি উদযাপিত হ’ল বিশ্ব চাইকেল দিৱস।
 
 
১৮১৬চনত পেৰিছত জাৰ্মানীৰ অভিযন্তা ড্ৰেইছে চাইকেল আৱিষ্কাৰ কৰিছিল। লাহে লাহে চাইকেলৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পাবলৈ আৰম্ভ হয়।ডাক কঢ়িওৱা পিয়নজনৰ পৰা আৰম্ভ কৰি গাঁৱৰ চহা কৃষকজনে বীজ কঢ়িওৱাবলৈও চাইকেলৰ ব্যৱহাৰ কৰে।
 
 
১৯শ শতিকালৈকে চাইকেলৰ জনপ্ৰিয়তা আছিল। বিশেষজ্ঞৰ মতে প্ৰতিদিনে আধাঘণ্টাকৈ চাইকেল চলালে দিনটোৰ বাবে কাৰ্যক্ষম হৈ থাকিব পৰা যায়। আনহাতে শৰীৰৰ মেদ কমোৱাৰ পৰা আৰম্ভ কৰি আভ্যন্তৰীণ সমস্যা সমূহ চাইকেল চলালে ফলপ্ৰসু হয়।
 
 
মানুহৰ দৈনন্দিন জীৱনত যাতায়াতৰ বাবে এসময়ত চাইকেলহে ব্যৱহাৰ হৈছিল। চাইকেল চলালে প্ৰদুষণৰ মাত্ৰা কম হয়। বৰ্তমান ডাঙৰ ডাঙৰ চহৰ বিলাকত চাইকেলিষ্ট ক্লাৱ গঢ় লৈ উঠিছে। য’ত নৱপ্ৰজন্মই চাইকেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। 
 

গুৱাহাটী মহানগৰীৰ পদপথতো বহুতে চাইকেল লৈ বিভিন্ন ঠাইলৈ যোৱা দেখা যায়। আনহাতে লকডাউনৰ সময়ত চাইকেলে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিলে। বহুতৰ বাবে চাইকেলখন হৈ পৰিল একমাত্ৰ জীৱন জীৱিকাৰ সাৰথি। উদাহৰণস্বৰূপে দ্বীপেন ভৰালী নামৰ এজন সংবাদকৰ্মীয়ে নিজৰ প্ৰতিষ্ঠানলৈ লকডাউনৰ সময়ছোৱাত ৩০ৰ পৰা ৩৫কিলোমিটাৰ চাইকেল চলাই কৰ্মস্থলীত উপস্থিত হৈছিল। চাইকেল চলালে পেট্ৰ’ল ডিজেল ৰাহি হয়। শৰীৰ সুস্থ সবল হৈ উঠে। প্ৰদুষণৰ মাত্ৰা কমাবলৈ তথা পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থা সুস্থ কৰি তুলিবলৈ আহক আমি চাইকেল চলোৱা অভিযানৰ অংশীদাৰ হওঁ।

Leave A Reply

Your email address will not be published.