আনলক ১পিছত উন্নীতকৰণ হ’ল এন আৰ এলৰ কাৰ্য্যাৱলী

0 275

যোৱা দুসপ্তাহৰ পৰা এন আৰ এলৰ কাৰ্যক্ৰমণিকা স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে। কোম্পানীটোৱে বিচক্ষণতা আৰু ফলপ্ৰসুভাৱে সামাজাক দুৰত্ব, সঘনাই হাত ধোৱা, চেনিটাইজ কৰা আৰু মাস্কৰ বাধ্যতামূলকভাৱে পৰিধান কৰা আদিৰ দৰে সকলো প্ৰ’টকল অনুকৰণ কৰি আহিছে।
 
 
 
আনহাতে লকডাউনৰ সময়তো নুন্যতম কৰ্মী আৰু কৰ্মচাৰীৰ দ্বাৰা প্ৰয়োজনীয় অত্যাৱশ্যকীয় কাৰ্যাৱলী অব্যাহত ৰাখিছে। মাৰ্চ এপ্ৰিল মাহত শোধনাগাৰটোৱে ৬০শতাংশ কাৰ্য সম্পন্ন কৰিছিল। সেই সময়ত বিক্ৰী শিতানত নুন্যতম প্ৰভাৱ পৰিছিল যদিও মে’ মাহত গতি লাভ কৰে। ভৌগোলিক বজাৰত ক’ভিড১৯ৰ তুলনামূলকভাৱে কম প্ৰভাৱ পৰাৰ বাবে যোৱা বৰ্ষৰ তুলনাত উৎপাদনৰ বিক্ৰী ডিজেলত ৭ শতাংশ আৰু পেট্ৰ’লত ১৩ শতাংশ পৰ্যন্ত কম হৈছিল। আজিৰ তাৰিখত প্ৰায় এহেজাৰজন শ্ৰমিকে বিভিন্নস্থানৰ প্ৰকল্পত কাম কৰি আছে। এই মন্তব্য এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাৰ। 
 
 
ৰন্ধন গেছৰ নাটনিৰ বাবে যাতে জনসাধাৰণে অসুবিধাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শোধনাগাৰটোৱে এল পি জি আৰু বটলিঙৰ ক্ষেত্ৰত অধিক শক্তিশালী কৰি তুলিছে। সম্প্ৰতি এন আৰ এলৰ বটলিঙ প্লেণ্টে দুটা চিফটত কাৰ্যাৱলী অব্যাহত ৰাখিছে। লগতে বি পি চি এলৰ দ্বাৰা আমদানিকৃত এল পি জি হালদিয়া হৈ উত্তৰ পূৱ ভাৰতত বিক্ৰীৰ বাবে অনা হৈছে।
 
 
লকডাউনৰ সময়ছোৱাত গ্ৰহণ কৰা ৱৰ্ক ফ্ৰম হোম পলিচি এন আৰ এলত বৰ্তমানেও চলি আছে। কোম্পানীটোৱে নিয়মীয়াকৈ পুনৰ মূল্যায়নৰ মিটিঙৰ লগতে অন্যান্য কাৰ্যাৱলী সম্বন্ধীয় মিটিঙসমুহ, বোৰ্ডৰ মিটিঙসমূহ জুম, মাইক্ৰ’চফট, টিমচ, ক্লাউড মিটিঙ ছফটৱেৰৰ জৰিয়তে সম্পন্ন কৰিছে। কোম্পানীটোৱে ডিজিটেল আন্তঃগাঁথনিত বিনিয়োগ কৰি ইয়াৰ সম্প্ৰসাৰণ কৰি কোম্পানীটোৰ সকলো স্থানৰ কৰ্মচাৰী সকলক এক শক্তিশালী নেটৱৰ্ক ব্যৱস্থা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ বুলি এক বিবৃতি যোগে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.