পৰিবেশ সজাগতা বাবে পদব্ৰজে ৰাজ্য ভ্ৰমিছে এই দুই যুৱকে

0 293
  • আজি আবেলি পদব্ৰজে ৰায়পুৰ ছতিশগডৰ পৰা আহি আজি জামুগুৰি হাটত উপস্থিত হয় এই যুৱক দুজন । যুৱক দুজনৰ নাম সৌৰভ দেৱাংগৰ আৰু জিতু শৰ্মা।দুয়োৰে এইদৰে পদব্ৰজে হাতত জাতীয় পতাকা লৈ অহাৰ মহান উদ্দেশ্য হ`ল ইন্ধন জাতীয় পদাৰ্থৰ পৰা নিৰ্গত ধোঁৱাৰ বাবে যিহেতু পৰিৱেশ‌ প্ৰদুষিত হৈ বায়ুমণ্ডল দুষিত‌ হৈ জীৱ জগতৰ হানি বিঘিনি হয় । আৰু এই দুষিত বায়ুমণ্ডল মন্ডলক কিঞ্চিৎ পৰিমাণে হ’লেও ৰোধ কৰাৰ প্ৰচেষ্টাৰ এক অংশ হিচাপে তেওঁ লোকে ভাৰতৰ মুঠ আঠাইশ খন ৰাজ্য পদব্ৰজে ঘুৰাৰ পৰিকল্পনাৰ লৈ জনগণক সজাগ কৰাৰ বাবে ইতিমধ্যে উৰিষ্যা, পশ্চিম বংগ, চিকিম হৈ অসমত উপস্থিত হৈছে । ইয়াৰ পাছত নাগালেণ্ড ,মণিপুৰ ,মেঘালয় ,ত্ৰিপুৰা অৰুণাচল প্ৰদেশ উপৰিও ভাৰতত অন্যান্য ৰাজ্য পদব্ৰজে ভ্ৰমণ কৰাৰ কথা জানিব দিয়ে উক্ত যুৱক দুজনে । এই যুৱক দুজনৰ মহান উদ্দেশ্য সফল হোৱাৰ  বিভিন্ন ৰাজ্যৰ সমাজ সচেতন ব্যক্তি সকলে কামনা কৰিছে।
    বাতৰি যুগুতালে  জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই
Leave A Reply

Your email address will not be published.