সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক কৃষক বিদ্ৰোহৰ এবছৰ পূৰ্তি উপলক্ষে আজি বঙৰাৰ পাছনীয়াপাৰাত এক বিশাল কৃষক সভা অনুষ্ঠিত হয় । সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষকসকলে হাতে হাতে প্লে’কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰক, ভূমিহীনক ভূমিৰ অধিকাৰ প্ৰদান কৰক, ১২ ঘণ্টীয়া শ্ৰমিক আইন বাতিল কৰক, কৃষিভূমি কোম্পানীক গতোৱা নীতি বন্ধ কৰক আদি শ্লো’গানেৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলণ, কৃষক শ্বহীদ স্মৰণ, সাংগঠনিক সভাৰ অন্তত স্থানীয় শিশু শিল্পী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীতেৰে মুকলি সভাৰ উদ্ধোধন কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগ্ৰামী কৃষক সংঘৰ নেতা জেহেৰুল ইছলামে । সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে ভাষণ প্ৰসঙ্গত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিলৰ কথা ঘোষণা কৰে যদিও আজিলৈ কাৰ্যকৰী কৰা নাই । গতিকে আইন তিনিখন বাতিল কাৰ্যকৰী নকৰালৈকে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০ৰো অধিক কৃষক সংগঠনে ঐক্যবদ্ধহৈ দিল্লীত আন্দোলন অব্যাহত ৰাখিছে । আজি এই ঐতিহাসিক বৰ্ষ পূৰ্তি উপলক্ষে অনুষ্ঠিত কৃষক সভাতে কামৰূপ জিলা সমিতিৰ সংগ্ৰামী কৃষক-শ্ৰমিক সংঘই কৃষি আইন বাতিল কাৰ্যকৰী নকৰালৈকে কৃষক সংগ্ৰাম অব্যাহত থাকিব বুলি সংকল্পবদ্ধ হয় । আজিৰ সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিৎ চৌধুৰী আৰু সাধাৰণ সম্পাদক দীনেশ দাসৰ লগতে নিখিল ভাৰত কৃষক পৰিষদৰ সাধাৰণ সম্পাদক জয়ন্ত গগৈ,সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ যুৱ নেত্ৰী বিদিশা বৰ্মন, বিশিষ্ঠ সাহিত্যিক ময়না গোস্বামী,কৃষক শ্ৰমিক সংঘৰ নেতা প্ৰণৱ দলৈ, স্থানীয় কৃষক আজাদ আলী, স্থানীয় নেত্ৰী মৰ্জিনা বেগম আৰু কামৰূপ জিলাৰ কৃষক শ্ৰমিক সংঘৰ সক্ৰিয় সদস্য নিজামুদ্দিন আহমেদ উপস্থিত থাকি অঞ্চলটোৰ খাটিখোৱা শ্ৰমিকৰ উপৰিও গৰাখহনীৰ সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন