পশ্চিম গুৱাহাটীৰ বঙৰা পাচনীয়াপাৰাত এছ.এছ.বি এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু ৰাজ্যিক পশু চিকিৎসালয়, আজাৰাৰ সহযোগত আজি পশুধনৰ টিকাকৰণ আৰু চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত অঞ্চলটোৰ প্ৰায় ১৩০ টা পশুধনক জহাৰ বাট ৰোগৰ টিকাকৰণ কৰণ কৰাৰ লগতে বিভিন্ন বেমাৰৰ ঔষধ বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। উক্ত চিকিৎসা শিৱিৰত জিলা পশু পালন বিষয়া ড০ অৰুণ শৰ্মাই উপস্থিত থাকি পশুধনৰ বিভিন্ন বেমাৰৰ সন্দৰ্ভত ভাষণ প্ৰসঙ্গত উল্লেখ কৰাৰ লগতে গৰু, ছাগলী আৰু মুৰ্গীৰ বাবে নাবাৰ্ড বেংক তথা স্থানীয় বেংকৰ পৰা ঋণ লোৱাৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰে। উক্ত অনুষ্ঠানত আজাৰা পশু চিকিৎসালয়ৰ পশু চিকিৎসক ড০ প্ৰদীপ শৰ্মা, ড০ পিংকি বৰ্মন, ক্ষেত্ৰ সহায়ক বিভুতি শৰ্মা, ৰেকট আলী, ভৱানী শৰ্মা, স্থানীয় যুৱক সৰ্বেশ্বৰ দাসৰ লগতে অঞ্চলটোৰ লোকসকল উপস্থিত থাকে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন