গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দীপৰ বিলৰ দক্ষিণ পাৰত থকা চকৰদৌ, পামহী আদি অঞ্চলৰ কেবাজনো উদ্যমী যুৱকে কিছুদিন ধৰি দীপৰ বিলৰ পাৰত থকা ম্যাদি কিন্তু বছৰ বছৰ ধৰি পতিত শেহতীয়াকৈ সেউজ বিপ্লৱৰ সপোন গঢ়াত ব্যস্ত হৈ পৰিছে। বিশেষকৈ দীপৰ বিলৰ সংৰক্ষণ আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তথা চকৰদৌ কলিতাপাৰাৰ বাসিন্দা প্ৰমোদ কলিতা, সহকাৰী সম্পাদক তথা পামহীৰ বাসিন্দা সুশীল টেৰণ, কৰ্মকর্তা বিৰাজ কলিতা (পৱন), বলেন কলিতাকে ধৰি কেবাজনো যুৱকে বহু বছৰ ধৰি খেতি নকৰা তেওঁলোকৰ পৰিয়ালৰ সমূহৰ নামত থকা প্ৰায় ৫০ বিঘাৰো অধিক পতিত মাটিত টেক্টৰ লৈ নামি পৰিছে কৃষিকৰ্মত। এইক্ষেত্ৰত আগভাগ লোৱা প্ৰমোদ কলিতা আৰু সুশীল টেৰণে জানিবলৈ দিয়া মতে তেওঁলোকে সম্প্ৰতি দুখন টেক্টৰৰে প্ৰায় ৫০ বিঘা মাটি চহ কৰি তাত সৰিয়হৰ বীজ সিঁচিছে। সমান্তৰাল ভাৱে তাত এতিয়া ৰঙালাওৰ খেতিও আৰম্ভ কৰিব। কিন্তু টেক্টৰৰে চহ কৰাৰ সময়ত প্লাষ্টিক, পলিথিনকে ধৰি মানৱ শৰীৰকে ধৰি জীৱ জন্তুৰ ক্ষতিকাৰক বিভিন্ন আৱৰ্জনা, সুৰাৰ বটল আদিয়ে ভীষণ অসুবিধাত পেলাইছে। ইফালে পশ্চিম দীপৰ বিল সংযোগী পামহী কেনেলৰে অহৰহ ভাবে আহি থকা গুৱাহাটীৰ দূষিত পানী আৰু কেনেলৰ দাঁতিত পশ্চিম বৰাগাঁওৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ আগষ্ট মাহত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবে দীপৰ বিলৰ পানী ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰিছে। ফলত পূৰ্বৰ দৰে বিললৈ নহা হৈছে বনৰীয়া হাতী আৰু দেশী-বিদেশী পৰিভ্ৰমী চৰাই । আগতে বিললৈ নিয়মীয়াকৈ হাতী অহা যোৱা কৰা বাবে মানুহে খেতি কৰিবলৈ বাদ দিছিল। কিন্ত এতিয়া পূৰ্বৰ দৰে হাতী নহা বাবে তাৰ সুযোগ লৈ খৰালি কালত পতিত মাটি সমূহত ঋতুকালীন খেতি কৰি ডেকাচামে প্রথম বাৰৰ বাবে সেউজ সপোন ৰচাৰ কাম আৰম্ভ কৰিছে বুলি প্ৰমোদ কলিতা, সুশীল টেৰণে সদৰি কৰিছে। অবশ্যে এইক্ষেত্ৰত পৰিয়ালৰ সদস্য সকলেও সকলো দিশতে সহায়ৰ হাত আগবঢ়াইছে। অহা বহাগ বিহুৰ সময়লৈকে অৰ্থাৎ বাৰিষাৰ আগলৈকে সেই মাটিত সৰিয়হ, ৰঙালাওকে ধৰি বিভিন্ন ঋতুকালীন শাক – পাচলিৰ খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই খেতি কৰা হ’ব গৰুৰ গোবৰ অৰ্থাৎ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে। যঁত ব্যৱহাৰ কৰা নহ’ব কোনো ধৰণৰ ৰাসায়নিক সাৰ বা তেনে ধৰণৰ জনস্বাস্থ্যৰ ক্ষতিকাৰক দ্ৰব্য। অৱশ্যে কৃষি কৰ্মৰ সমান্তৰাল ভাৱে তেওঁলোকে দীপৰ বিলখনক প্ৰদূষণমুক্ত কৰাৰ লক্ষৰে নিতৌ ব্যস্ত হৈ আছে চাফাই অভিযান মূলক কাৰ্যত।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি