বিগত কেইদিনত সমগ্র ৰাজ্যজুৰি শীতপ্ৰবাহৰ লগত নামি আহিছে ডাঠ কুঁৱলী । বিশেষকৈ বিগত কেইদিনত ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজপথত নিশাৰ ভাগত কেবাটাও সৰু – বৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । যত ডাঠ কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱা বাবে চালকে ৰাজপথত সন্মুখত কি আছে তাক মনিব নোৱাৰা বাবে বাহন দুৰ্ঘটনাত পতিত হৈ কেবাজনো লোকে কৰুণভাবে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন বহুজন আহত হৈ চিকিৎসাধীন হবলগা হৈছে । যাৰ বাবে কুঁৱলী কেন্দ্ৰীক দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ সাজু হোৱাৰ লগতে সজাগতা অভিযান আৰম্ভ কৰিছে । এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) গৌতম দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগেও আগন্তক দিনত নিশাৰ ভাগত ৰাজ্যৰ বেছিভাগ অঞ্চলতে কেবাদিনলৈ ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি সতৰ্কতা জাৰি কৰিছে । আনকি পাহাৰীয়া স্থান , নৈপৰীয়া অঞ্চল , জলাশয় আৰু মুকলি পথাৰৰ মাজেৰে যোৱা বাট পথ সমূহ সন্ধিয়াৰ পাছত যথেষ্ট কুঁৱলী পৰিব বুলি বতৰ বিজ্ঞান বিভাগে আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে । যাৰ বাবে নিশাৰ ভাগত ৰাজপথত বাহন চলাওতে অত্যন্ত সতৰ্কতাৰে বাহন চলাবলৈ আৰু বিশেষ জৰুৰী নহলে নিশা ১০ বজাৰ পৰা পাছদিনা ৰাতিপুৱালৈ বাহন নচলাবলৈ চালকক আহ্বান জনাইছে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে । গৌতম দাসে সদৰি কৰা অনুসৰি যদি এই সময়ছোৱাত নিশাৰ ভাগত জৰুৰী কাৰণত বাহন চলাব লাগে তেন্তে সন্মুখত ফগ লাইট জ্বলাই অতি সীমিত গতিবেগতহে বাহন চলাব লাগে । আকৌ যদি বাহনখন ৰখাব লাগে তেন্তে পথৰ দাঁতিত সুৰক্ষিত স্থানত প্ৰধান পথত বাধা নোহোৱাকৈ পাৰ্কিং লাইট জ্বলাইহে ৰাখিব লাগে । আকৌ কুঁৱলী দি থকা অৱস্থাত লাহে লাহে বাহন চলালেও মাজে মাজে সন্মুখৰ আইনাৰ উইপাৰ ব্যৱহাৰ কৰি থাকিব লাগে যাতে আইনাখন পৰিস্কাৰ হৈ থাকে । ইতিমধ্যে বিগত দিনকেইটাত অসমতো বাদেই দেশৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত সংঘটিত কুঁৱলী কেন্দ্ৰীক দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে । আনকি বতৰ বিজ্ঞান বিভাগে আগন্তক কেবাদিনলৈ নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাঠ বা ঘন কুঁৱলী পৰিব বুলি সতৰ্কতা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলোৱে নিশা ৰাজপথত বাহন চলোৱাৰ ক্ষেত্ৰত আৰু “পথ সুৰক্ষা আৰু জীৱন ৰক্ষা”ৰ স্বাৰ্থত চালক সকলে অতি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰিছে ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign