কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Centenary Convention Centreত ১১ নবেম্বৰ অৰ্থাৎ কালি ইণ্ডো-ফ্ৰেন্স পাৰ্ক আৰু জৈৱ বৈচিত্ৰ্য অংশীদাৰিত্বৰ প্ৰথম পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়।এই অংশীদাৰিত্ব হৈছে ফ্ৰান্স উন্নয়ন সংস্থা, ফ্ৰান্স বন সেৱা আন্তঃৰাষ্ট্ৰীয় আৰু অসমৰ বন বিভাগৰ মাজত।ফ্ৰান্স উন্নয়ন সংস্থাৰ সঞ্চালক ব্ৰুণো বছলেয়ে কয় এই অংশীদাৰিত্ব আমাৰ চলিত সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ই ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক চুক্তিৰ ক্ষেত্ৰত সহযোগিতাক বন্যপ্ৰাণী ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বিষয়ত বিশেষ সহায় কৰিব।এম.কে. যাদৱ, আই.এফ.এছ,পি.চি.চি.এফ, চি ডব্লিউ এল ডব্লিউ, অসমে এই কৰ্মশালাৰ সভাপতিত্ব কৰে। এই খণ্ডত তেওঁৰ অভিজ্ঞতাৰ পৰা সমগ্ৰ অসমত বন সংৰক্ষণ আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাত সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু উদীয়মান কৌশলৰ ওপৰত তেওঁৰ অন্তৰ্দৃষ্টিৰো ভাগ বতৰা কৰে।ইফালে এই কৰ্মশালাত অংশগ্ৰহণ কৰে কাৰিকৰী সঞ্চালক গিলছ ময়নট আৰু অ’এনএফআইৰ গৱেষণা বিশ্লেষক লুচিল আউজেমেৰী আৰু টাস্ক টীম লিডাৰ (জৈৱ বৈচিত্ৰ্য), ইমানুৱেল ফোৰমেন, অৰ্থনীতিবিদ (বিপদাশংকা বিভাগ), অক্ষীতা শৰ্মা আৰু এএফডিৰ চেক্টৰ পৰ্টফলিঅ’ মেনেজাৰ (জৈৱ বৈচিত্ৰ্য)ৰ লগতে অসমৰ বিভাগীয় বন বিষয়াই।উল্লেখ্য যে, এই কৰ্মশালা হৈছে উদ্যান আৰু জৈৱ বৈচিত্ৰ্য অংশীদাৰিত্বৰ অধীনত প্ৰথম বিতৰণযোগ্য, যাৰ উদ্দেশ্য হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতিগত ভাৱে গুৰুত্বপূৰ্ণ এলেকাবোৰত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বহনক্ষম পৰ্যটন, আৰু সুৰক্ষিত এলেকাবোৰৰ উন্নত ব্যৱস্থাপনাৰ প্ৰচাৰ কৰা।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা