বন বিভাগ-ডব্লিউ ডব্লিউ এফৰ প্ৰথমটো সফলতা- ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাত বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ’ কলাৰ সংস্থাপন

0 253

বহু কষ্ট আৰু প্ৰচেষ্টাৰ ফলত আজি বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ` কলৰাৰ লগাবলৈ সক্ষম হ`ল ৰাজ্যৰ বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ ডব্লিউ ডব্লিউ এফে। ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ ডিঙিত ৰেডিঅ’ কলাৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফে। শোণিতপুৰ আৰু বিশ্বনাথ জিলাত পাঁচটাকৈ বন্যহস্তীৰ ডিঙিত ৰেডিঅ’ কলাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমটো সফলতা অৰ্জন কৰিছে। ৰঙাপৰাৰ আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তাৰাজুলি চাহ বাগিচাৰ ২২ নম্বৰ শাখাত এজনী মাইকী বনৰীয়া হাতীক চিকিৎসকে ট্ৰেংকুলাইজ কৰাৰ পাছত ডিঙিত ৰেডিঅ` কলাৰটো সংস্থাপন কৰে। এই ৰেডিঅ কলাৰৰ জৰিয়তে বনৰীয়া হাতীয়ে প্ৰকৃততে কোন ঠাইত অৱস্থান কৰিছে, জাকটোক কিমান হাতী আছে, জাকটো কোনটো হস্তীৰে অহা-যোৱা কৰিছে আৰু বনৰীয়া হাতীৰ জাকটো সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰা নে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে নে তাৰ প্ৰকৃত তথ্য জানিবৰ বাবে বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থায়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বন্যহস্তীৰ ডিঙিত ৰেডিঅ’ কলাৰ লগোৱাৰ উদ্দেশ্যৰে উক্ত চাহ বাগিচাখনত পদ্মশ্ৰী বঁটা প্ৰাপ্ত তথা জ্যেষ্ঠ পশু চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা, ডাঃ কৌশক বৰুৱা, কাজিৰঙাস্থিত পানপুৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ চামচুল আলি, অসম হস্তী সংস্থাৰ বিষয়া পৰিক্ষিত কাকতি, ডব্লিউ ডব্লিউ এফৰ মুখ্য সচিব অনুপম শৰ্মাকে ধৰি পশ্চিম শোণিতপুৰ জিলাৰ বন প্ৰাধিকাৰী বিষয়া নৃপেন্দ্ৰ নাথ কলিতা, ডব্লিউ ডব্লিউ এফৰ ক্ৰমে সমন্বয়ক হিতেন গোস্বামী, প্ৰজেক্ট সঞ্চালক ডেভিদ স্মিথ, অৰ্জুন কাণগাৰকে ধৰি আমাৰীবাৰী, তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া আৰু বনকৰ্মীসকল উপস্থিত আছিল। উল্লেখযোগ্য যে বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসুধূন সুৱৰিছে আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে। খেতি পথাৰ বিনষ্ট কৰাৰ উপৰিও সা-সম্পত্তি আৰু মানৱ সম্পদৰো ক্ষতি সাধন কৰিছে। বনাঞ্চল ধ্বংসৰ সমান্তৰাল ভাৱে বনাঞ্চল সংকুচিত হৈ অহাৰ বাবে বন্যহস্তীৰ বিচৰণ ভূমি, খাদ্য আৰু পানীৰ অভাৱত জনাঞ্চললৈ গতি কৰিছে। আজিও মানৱ সমাজে দেৱতাৰ জ্ঞান কৰা বন্যহস্তীৰ ত্ৰাসত শংকিত হৈ থাকিও যা বাবা, যা মা বুলি চিঞৰি চিঞৰি খেদিবলৈ চেষ্টা কৰা এক নিত্য নৈমিত্তিক কামৰ দৰে হৈ পৰিছে। ইয়াৰ বিপৰীতে হাতী আৰু মানুহৰ মাজত অব্যাহত থকা সংঘাত হ্ৰাস কৰাৰ বাবে পোন প্ৰথমবাৰৰ বাবে ডব্লিউ ডব্লিউ এফ আৰু বন বিভাগে বন্যহস্তীৰ বিচৰণৰ উমান লোৱাৰ বাবে পৰীক্ষামূলক ভাৱে এক ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.