বাকোলা মজলীয়া বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন নদুৱাৰ শিক্ষা বিষয়াৰ

0 219

নদুৱা শিক্ষা খণ্ডৰ অধীনৰ বাকোলা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰকাশ কৰি উলিওৱা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে নদুৱাৰ শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰীয়ে ৷ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি শিক্ষা বিষয়া গৰাকীয়ে কয় -প্ৰাচীৰ পত্ৰিকাৰ জৰিয়তে কণ কণ শিশু সকলে কোমল বয়সতে নিজৰ সাহিত্য বিকাশৰ সুবিধা লাভ কৰে ৷ এনে সাহিত্য চৰ্চাই এটি শিশুৰ মন-মগজুক শৃংখলিত ৰূপত আত্ম প্ৰকাশ কৰাৰ লগতে স্মৃতিশক্তি উৰ্ব্বৰ কৰাৰ পৰিবেশ সৃষ্টি কৰে ৷ বাকোলা অঞ্চলটোৰ বহু কেইখন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰা সভাত সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ সভাপতি ৰনজিৎ বৰঠাকুৰে অংশ গ্ৰহণ কৰি বাকোলা মজলীয়া বিদ্যালয়ৰ বিদ্যায়তনিক দিশৰ প্ৰশংসা কৰে ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.