পোন প্ৰথমবাৰৰ বড়ো জনগোষ্ঠীৰ এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি(PMRF) লাভ কৰি বাক্সা জিলাৰ লগতে সমগ্ৰ বিটিআৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বাক্সা জিলাৰ শিমলাৰ গৱেষিকা ছাত্ৰী উজিনী দেৱী দৈমাৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি লাভ কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ জৈৱবিজ্ঞান আৰু জৈৱআভিযান্ত্ৰিক বিভাগৰ ছাত্ৰী উজিনীয়ে “কেঞ্চাৰ বায়লজী” শীৰ্ষক গৱেষণাৰ বাবে এই জলপানি লাভ কৰিছে।প্ৰধানমন্ত্ৰীৰ এই গৱেষণা জলপানিত গৱেষিকা ছাত্ৰী গৰাকীয়ে প্ৰায় ৫০ লাখ টকাৰ জলপানি হিচাপে লাভ কৰিব ৷ সম্প্ৰতি গৱেষিকা ছাত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত ব্যাপকৰূপত দেখা দিয়া মুখমণ্ডলৰ কৰ্কট ৰোগৰ বিষয়ে গৱেষণা চলাই তাৰ নতুন চিকিৎসাবিধি সম্পৰ্কে গৱেষণা অব্যাহত ৰাখিছে ৷ অধ্যাপক অজয় কুমাৰ বি কুন্নুমাক্ৰাৰ তত্বাৱধানত গৱেষণা কৰি থকা উজিনী বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলাৰ ৰতন সিং দৈমাৰী আৰু বেলি দেৱী চৌধুৰীৰ কন্যা তথা চাপাগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীৰ ভাগিনীয়েক৷
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ