পোন প্ৰথমবাৰৰ বড়ো জনগোষ্ঠীৰ এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি(PMRF) লাভ কৰি বাক্সা জিলাৰ লগতে সমগ্ৰ বিটিআৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ বাক্সা জিলাৰ শিমলাৰ গৱেষিকা ছাত্ৰী উজিনী দেৱী দৈমাৰীয়ে প্ৰধানমন্ত্ৰীৰ গৱেষণা জলপানি লাভ কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ জৈৱবিজ্ঞান আৰু জৈৱআভিযান্ত্ৰিক বিভাগৰ ছাত্ৰী উজিনীয়ে “কেঞ্চাৰ বায়লজী” শীৰ্ষক গৱেষণাৰ বাবে এই জলপানি লাভ কৰিছে।প্ৰধানমন্ত্ৰীৰ এই গৱেষণা জলপানিত গৱেষিকা ছাত্ৰী গৰাকীয়ে প্ৰায় ৫০ লাখ টকাৰ জলপানি হিচাপে লাভ কৰিব ৷ সম্প্ৰতি গৱেষিকা ছাত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত ব্যাপকৰূপত দেখা দিয়া মুখমণ্ডলৰ কৰ্কট ৰোগৰ বিষয়ে গৱেষণা চলাই তাৰ নতুন চিকিৎসাবিধি সম্পৰ্কে গৱেষণা অব্যাহত ৰাখিছে ৷ অধ্যাপক অজয় কুমাৰ বি কুন্নুমাক্ৰাৰ তত্বাৱধানত গৱেষণা কৰি থকা উজিনী বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলাৰ ৰতন সিং দৈমাৰী আৰু বেলি দেৱী চৌধুৰীৰ কন্যা তথা চাপাগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীৰ ভাগিনীয়েক৷
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem