১ নং কোকৰাঝাৰ আৰু ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা নিৰ্বাচনী জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ ভোটগণনা আজি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সফলতাৰে সামৰণি পৰে। ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়াই ৭৯,৮৮০টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫২,৬০০টা ভোট লাভ কৰি বিপিএফৰ দুৰ্গাদাস বড়োৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ১৪,৫৪১টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। লগতে একেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়াই ৮৬,০৪৮টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৩৭,২৪১টা ভোট লাভ কৰি বিপিএফৰ দুৰ্গাদাস বড়োৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ২৩,৬১৪টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। আনহাতে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৪১ নং মানস বিধানসভা সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে ৬৮,১৩৪ টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫৭,৬৪৫টা ভোট লাভ কৰি বিপিএফৰ খাম্পা বৰগয়াৰীয়ে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জিএছপিৰ বিনীতা ডেকাই ১৪,২০৩টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। লগতে ৪২ নং বাক্সা বিধানসভা সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে ৫৭,৫৪০ টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫৩,২৬২টা ভোট লাভ কৰি বিপিএফৰ খাম্পা বৰগয়াৰীয়ে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জিএছপিৰ বিনীতা ডেকাই ২৩,৮৩২টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন