১ নং কোকৰাঝাৰ আৰু ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা নিৰ্বাচনী জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ ভোটগণনা আজি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সফলতাৰে সামৰণি পৰে। ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়াই ৭৯,৮৮০টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫২,৬০০টা ভোট লাভ কৰি বিপিএফৰ দুৰ্গাদাস বড়োৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ১৪,৫৪১টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। লগতে একেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়াই ৮৬,০৪৮টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৩৭,২৪১টা ভোট লাভ কৰি বিপিএফৰ দুৰ্গাদাস বড়োৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ২৩,৬১৪টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। আনহাতে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৪১ নং মানস বিধানসভা সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে ৬৮,১৩৪ টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫৭,৬৪৫টা ভোট লাভ কৰি বিপিএফৰ খাম্পা বৰগয়াৰীয়ে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জিএছপিৰ বিনীতা ডেকাই ১৪,২০৩টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। লগতে ৪২ নং বাক্সা বিধানসভা সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে ৫৭,৫৪০ টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫৩,২৬২টা ভোট লাভ কৰি বিপিএফৰ খাম্পা বৰগয়াৰীয়ে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জিএছপিৰ বিনীতা ডেকাই ২৩,৮৩২টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে