বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ বাবে মহকুমা প্ৰশাসনে যুদ্ধকালীন তৎপৰতা অব্যাহত

0 297

বছৰৰ দ্বিতীয়টো বান আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্ট কৃত্ৰিম বানে ৰঙিয়া চহৰৰ একাংশ এলেকাকে ধৰি মহকুমাটোৰ বিভিন্ন অঞ্চলৰ বাট-পথ জলমগ্ন কৰি তোলাৰ পৰিপ্ৰেক্ষিতত মহকুমাটোৰ জনসাধাৰণক উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজনীয় নোহোৱালৈকে বাহিৰলৈ নোলাবলৈ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ বাবে মহকুমা প্ৰশাসনে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে। আনহাতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন আৰু ৰঙিয়াৰ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে আজি ৰঙিয়াৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া দুগৰাকীয়ে ৰঙিয়াৰ বি এড কলেজত স্থাপিত এটা আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি তাত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ অসুবিধাসমূহৰ বুজ লয়। লগতে ৰঙিয়া চহৰৰ ৫ নং ৱাৰ্ডৰ ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰৰ আৱাসীসকলক মহকুমা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়ায়। যিকোনোধৰণৰ জৰুৰী অৱস্থাৰ বাবে মহকুমা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ৯৩৮৭৯-৬০৭৩১ত যোগাযোগ কৰিবলৈ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে ৰাইজলৈ আহ্বান জনাইছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.