গোৱালপাৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৰিপুঞ্জয় গগৈৰ সভাপতিত্বত বিজ্ঞানমনস্ক যাত্ৰাৰ প্ৰথম জিলা সন্মিলন অনুষ্ঠিত হয়।অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে আৰু বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ অৰ্থে অনুষ্ঠিত হোৱা এই সন্মিলনত গোৱালপাৰা জিলাৰ উপৰিও যোৰহাট, বৰপেটা, নগাঁও, বঙাইগাঁও, ধুবুৰী, কামৰূপ আদি দূৰ দূৰণিৰ প্ৰায় দুশ গৰাকী সদস্য শুভাকাংক্ষী আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত যাত্ৰাৰ আৰম্ভণি গীত পৰিৱেশন কৰে বৰপেটা জিলা সমিতিৰ বিশ্বজিৎ দাস আৰু সহযোগী শিল্পী সকলে।আদৰণি ভাষণত গোৱালপাৰা মহাবিদ্যালয় অধ্যক্ষ ড° সুবাস বৰ্মনে এই অঞ্চলত গোৱালপাৰা মহাবিদ্যালয়ে কিদৰে বিজ্ঞান শিক্ষাত ভূমিকা পালন কৰি আহিছে তাৰ বৰ্ণনা দাঙি ধৰে।সেই প্ৰসঙ্গতে তেখেতে বিজ্ঞান মনস্কতা প্ৰসাৰৰ অৰ্থে গোৱালপাৰা মহাবিদ্যালয়ত আজিৰ এই সন্মিলন অনুষ্ঠিত হোৱাটো এক গুৰুত্বপূৰ্ণ আৰু ইতিহাস ঘটনা বুলি অভিহিত কৰি সকলোকে অভিনন্দন জ্ঞাপন কৰে।সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই নিভা দাসে।প্ৰস্তাৱনা পাঠ কৰে জহিৰুল ইছলামে।গোৱালপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° শিদ্ধি নাথ শৰ্মা আৰু পুথিমাৰি মহাবিদ্যালয়ৰ অধ্যাপক দ্বীজেন বৰ্মনে সমাজৰ প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ সমূহৰ বিষয়ে আলোচনা আগবঢ়াই তাৰ প্ৰতিকাৰৰ বিভিন্ন পদক্ষেপৰ ওপৰত বক্তব্য দাঙি ধৰে।প্ৰস্তাৱনাৰ ওপৰত উপস্থিত কেইবাগৰাকী সদস্যই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়োৱাৰ অন্তত প্ৰস্তাৱনা গৃহীত কৰা হয়।জিলা সন্মিলন উপলক্ষে বিজ্ঞান মনস্ক যাত্ৰাই প্ৰকাশ কৰা আৰু হামজা চৌধুৰীয়ে লিখি উলিওৱা পুস্তিকা “মুক্ত মন মুক্ত চিন্তা”ৰ উন্মোচন কৰে পদ্মশ্ৰী ড° বিবৰুৱা ৰাভাই।বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি তেখেতে আজিও সমাজত প্ৰচলিত হৈ থকা ডাইনী হত্যা ,নৰ হত্যা,নৰবলি, বাল্য বিবাহ আদি অন্ধবিশ্বাস কুসংস্কাৰৰ সমূহৰ কাৰণে ফঁহিয়াই এই সমূহৰ বিৰুদ্ধে যুঁজাৰ কৌশল বৰ্ণনা কৰে।যাত্ৰাৰ কাৰ্যকৰী সভাপতি হামজা চৌধুৰীয়ে আগন্তুক দিনত সম মনোভাবাপন্ন সকলো ব্যক্তি আৰু সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে মিলি একেলগে এই যাত্ৰা কৰাৰ পোষকতা কৰে।কুলেন্দ্ৰ নাথ বর্মনক সভাপতি আৰু জহিৰুল ইছলামক সম্পাদক হিচাপে লৈ ২৯ জনীয়া গোৱালপাৰা জিলা সমিতি গঠন কৰা হয়।সভাপতিৰ ভাষণত ৰিপুঞ্জয় গগৈয়ে অন্ধবিশ্বাস -কুসংস্কাৰৰ বিৰুদ্ধে এই যাত্ৰা দীঘলীয়া আৰু জটিল যদিও ধৈৰ্য্য আৰু সাহসেৰে আগবাঢ়িলে জয় নিশ্চিত বুলি আশা ব্যক্ত কৰে।কিৰণ ৰাভাই শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত সভাৰ অন্ত পৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি