বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ উদ্যোগত উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহত Digital Initiatives and Entrepreneurship Development Cell শীৰ্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত

0 175

আজি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ উদ্যোগত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বিভিন্ন বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্য্য, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক আদিৰ উপস্থিতত ৰাজ্যখনৰ উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহত Digital Initiatives and Entrepreneurship Development Cell শীৰ্ষক এদিনীয়াকৈ এখন কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত উদ্বোধক তথা মুখ্য অতিথিৰ ভাষণ প্ৰসংগত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুই উল্লেখ কৰে যে বৰ্তমান সময়ত শিক্ষা গ্ৰহণ বা প্ৰদানৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে আমাৰ দেশৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত আমাৰ দেশক যথেষ্ট আগুৱাই লৈ গৈছে। তেওঁ আৰু কয় যে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কেতিয়াবা কিছুমান অসুবিধাৰ সন্মুখীন হ’বলগীয়া হলেও আমি পিছুৱাই নাহি তাক সমাধান কৰাৰ চেষ্টা গ্ৰহণ কৰিব লাগে তেতিয়াহে আমি সফলতা লাভ কৰিব পাৰিম। মন্ত্ৰী গৰাকীয়ে যোৰ দি কই যে শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সাক্ষৰতা বৃদ্ধি কৰিব লাগিলে উন্নত আন্তগাঁথনিৰ লগেতে ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ইতিমধ্যে শিক্ষা বিভাগে অনলাইন এডমিছন, টেলি এডুকেশ্বন,স্মাৰ্ট শ্ৰেণীকোঠা, অনলাইন শিক্ষকৰ বদলিকৰণ আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে আৰু কয় যে আহি থকা দিন সমূহলৈ লক্ষ্য ৰাখি বিভাগে এই ক্ষেত্ৰত এক দীৰ্ঘম্যাদি পৰিকল্পনা প্ৰস্তুত কৰিছে য’ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰযুক্তিৰ সহায়ত বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহত শিক্ষা গ্ৰহণৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰিব।
আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ডo ননী গোপাল মহন্ত, শিক্ষা বিভাগৰ অতিৰিক্ত মূখ্য সচিব বি আৰ সামাল, সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশৰ লগতে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.