নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ শ্বিলঙত একাডেমী প্ৰতিষ্ঠা হ’ব

0 162


আজিৰে পৰা কোচিত আৰম্ভ হ’ব দেশৰ অন্যতম ফুটবল লীগ ISL। ইতিমধ্যে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে অনুশীলন আৰম্ভ কৰিছে। জানিব পৰা মতে, অহা ২৪ চেপ্টেম্বৰত ঘৰুৱা দলটোৱে যাত্ৰা আৰম্ভ কৰিব। এই দলটোৱে আজি মহানগৰীৰ সৰুসজাঁই ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত এক সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত অংশগ্ৰহণ কৰে ক্লাবৰ চি ই অ’ মান্দাৰ টামহ্নে, মুখ্য প্ৰশিক্ষক যোৱান পেদ্ৰ’ বেনালি, সহকাৰী প্ৰশিক্ষক নাউশ্বাদ মৌছা, খেলুৱৈ পাৰ্থিৱ গগৈ, মিৰ্শ্বাদ মিচু আৰু মিগুৱেল জাবাকোৱে। সংবাদ মেলখন সম্বোধন কৰি চি ই অ’ মান্দাৰ টামাহ্নে কয় যে ফুটবলৰ ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি কৰিবলৈ নৰ্থ ইষ্ট এফ চিয়ে চিন্তা চৰ্চা কৰি আছে। বিশেষকৈ উত্তৰ পূবৰ পৰা ভাল ফুটবল খেলুৱৈ সৃষ্টি কৰাৰ পোষকতা কৰি কয় যে নৰ্থ ইষ্ট এফ চি য়ে উত্তৰ পূবৰ ৮ খন ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে। গতিকে প্ৰত্যেক ৰাজ্যতে ৰিচিডেণ্টিয়েল একাডেমী প্ৰতিষ্ঠা কৰিব। ইয়াৰ অংশ স্বৰূপে মেঘালয়ৰ শ্বিলঙত ৰেচিডেণ্টিয়েল একাডেমী অহা ডিচেম্বৰ মাহত শুভাৰম্ভ হ’ব বুলি সদৰি কৰে। আনহাতে মুখ্য প্ৰশিক্ষক গৰাকীয়ে কয় যে ফুটবল খেলৰ বাবে পৰিবেশ যথেষ্ট দৰকাৰী। আমি ইয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছো।

সংবাদমেলত উপস্থিত থকা নৰ্থ ইষ্ট এফ চিৰ খেলুৱৈ পাৰ্থিৱ গগৈয়ে কয় যে আমি প্ৰশিক্ষক সকলৰ পৰা বহুত নিয়মানুবৰ্তিতা শিকি আছো আৰু শিকিব আছে। পাৰ্থিৱ গগৈয়ে, নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে নৰ্থ ইষ্ট এফ চিত অংশগ্ৰহণ ল’বলৈ পাই আমি দুই ভাতৃদ্বয় যথেষ্ট সুখী। মা দেউতাৰ সপোন বাস্তবায়িত কৰিব পাৰি আমি গৌৰৱাম্বিত। আজি সংবাদমেলত সমগ্ৰ উত্তৰ পূবৰ বহুকেইজন সাংবাদিকে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.