ভয়াবহ কৰ’না ভাইৰাছৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে সমগ্ৰ ৰাজ্য কিম্বা ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠান সমূহ । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বৰ্তমান অব্যাহত আছে অনলাইন শিক্ষা ব্যৱস্থা । ইয়াৰ মাজতেই অফুৰন্ত সময় অতিবাহিত কৰিছে বিদ্যালয় পৰ্যায়ৰ কণ কণ ছাত্র – ছাত্ৰী সকলে । নিজ গৃহতেই বন্দী হৈ কোনোবাই যদি লুডু – কেৰম আদি খেলত ব্যস্ত হৈ পৰিছে আন কোনোবাই আকৌ ছবি আঁকি – টি ভি চাই সময় পাৰ কৰিছে । ইয়াৰ মাজতেই গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ কেইজনমান শিশুৱে বিভিন্ন ধৰণৰ ঘৰৰ নক্সা বনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । উল্লেখনীয় যে মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা চেইণ্ট ক্লাৰেট স্কুল আৰু চেইণ্ট যোচেফ স্কুলৰ কেইজনমান কণ কণ ছাত্র – ছাত্ৰীয়ে বিদ্যালয় বন্ধ আৰু অনলাইন পাঠদানৰ মাজতেই সাজি উলিয়াইছে ঘৰৰ কেবাটাও আকৰ্ষণীয় নক্সা । আজাৰা চেইণ্ট ক্লাৰেট স্কুলৰ ক্ৰমে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দৃষ্টি শৰ্মা , চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ক্ৰমে কৃশানকু কলিতা আৰু প্ৰিয়াংশু দাস , প্ৰথম শ্ৰেণীৰ ছাত্ৰী ধৃতি শৰ্মা আৰু চেইণ্ট যোচেফ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ অৰ্ণব নাথে বিভিন্ন আৰ্হিৰ ঘৰ সাজি বিদ্যালয় বন্ধৰ সময় পাৰ কৰিছে । আনহাতে বিদ্যালয় বন্ধৰ সময়ত গৃহকৰ্মৰ ভিত্তিত অনুষ্ঠিত এক প্ৰতিযোগিতাত ধৃতি শৰ্মাই প্ৰথম , দৃষ্টি শৰ্মাই দ্বিতীয় , অৰ্ণব নাথে তৃতীয় , কৃশানকু কলিতাই চতুৰ্থ আৰু প্ৰিয়াংশু দাসে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় । কণ কণ ছাত্র – ছাত্ৰী সকলৰ এনে নিপুনতাক সকলোৱে প্ৰশংসা কৰিছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন