কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) গুৱাহাটীৰ পশ্চিম প্ৰন্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত আজি পশ্চিম গুৱাহাটীৰ ৰাণীৰ সমীপৰ অসম -মেঘালয় সীমান্তবৰ্তী মৈৰাপুৰ অঞ্চলত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। বাহিনীটোৰ জনহিতাৰ্থে কাৰ্যসূচী তথা আচনিৰ অধীনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্ৰকল্প ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সংযোগত অনুষ্ঠিত শিবিৰ আৰু স্বাস্থ্য সজাগতা সভা উদ্বোধন কৰে ১৭৫ বেটেলিয়ান চি আৰ পি এফৰ কামাণ্টেণ্ড সুভাষ চন্দ্ৰ শৰ্মাই।উদ্বোধনী অনুষ্ঠানত চেকেণ্ড ইন কামাণ্ড এম এছ ৰাথোড়, জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডা: এ কে ঠাকুৰ, ডেপুটি কামাণ্ডেণ্ট আবুল ৰহিম, সহকাৰী কামাণ্ডেণ্টদ্বয় ৰবি মিশ্ৰ আৰু প্ৰমোদ কুমাৰকে ধৰি বাহিনীটোৰ কেইবাগৰাকী বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক ক্ৰমে ডা: বিদ্যুৎ ভট্টাচাৰ্য, ডা: চাহিন চাজিদ, ডা: স্বপন কুমাৰ সিনহা, ডা: আদিত্য সন্দিকৈ, ডা: ৰহিদুল ইছলাম, ডা: খঞ্জন নাথ, ডা: যাদৱ চন্দ্ৰ শৰ্মাকে ধৰি ইউ এন ডি পি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কেইবাগৰাকী বিষয়া উপস্থিত ৰাইজক কেনেধৰণৰ সাৱধানতা, সতৰ্কতা অৱলম্বন কৰি বহু সৰু-সুৰা বেমাৰৰ পৰা হাত সাৰি থাকি এক সুস্থ সবল নিৰোগী জীৱন কটাব পাৰি তাৰ বিষয়ে ব্যৱহাৰৰ বাখ্যা দাঙি ধৰে।আনহাতে পুৱা ১০ বজাৰ পৰা বিয়লী ৩ বজালৈ অনুষ্ঠিত স্বাস্থ্য শিবিৰত চিকিৎসকৰ দলটোৱে শিশু, মহিলাকে ধৰি পাচ শতাধিক লোকৰ ৰক্ত চাপ, ব্লাড চুগাৰ, হৃদযন্ত্ৰকে ধৰি সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ লক্ষণ, প্ৰতিকাৰ, চিকিৎসা সন্দৰ্ভত দিহা পৰামৰ্শ আগবঢ়ায়।১৭৫ বি এন চি আৰ পি এফৰ কামাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ামতে বাহিনীটোৱে জনহিতকৰ কাৰ্যসূচীৰ অধীনত স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু আন সামাজিক কাম সম্পন্ন কৰিব।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি