বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰাথমিক পৰ্যায়ত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৱাকাথন অনুষ্ঠান উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, কেন্দ্ৰীয় সুৰক্ষা বলৰ মুখ্য কমাণ্ডেন্ট লালমোহন ঠাকুৰ, বি.চি.এ.এচৰ ক্ষেত্ৰীয় নিৰ্দেশক সমানন্দ সিংকে ধৰি বিমানকোঠৰ বিভিন্ন বিভাগত কৰ্মৰত সমূহ কৰ্মচাৰী উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি পুৱা ৬.৩০ বজাত বিমানকোঠৰ প্ৰাংগনৰ পৰা হাতত জাতীয় পতকা লৈ প্ৰায় দুই কিলোমিটাৰ দূৰত্বলৈ পদযাত্ৰা কৰা হয়। এই পদযাত্ৰাৰ উদেশ্য বাখ্যা কৰি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে ” কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত, ‘ঘৰে-ঘৰে তিৰংগা’ শীৰ্ষক বাৰ্তাক বাস্তৱাবিত কৰাৰ মানসৰে, বিমানকোঠৰ সমূহ সদস্যই ভাগ লৈছে আৰু আগন্তক স্বাধীনতা দিৱস উপলক্ষে, ৱাকাথনৰ পদযাত্ৰাৰ জড়িয়তে সকলোকে ঘৰে-ঘৰে তিৰংগা উৰোৱাবলৈ আমি সজগতা সৃষ্টিৰ বাবে আজি এই পদক্ষেপ হাতত লৈছোঁ। লগতে কেন্দ্ৰীয় সুৰক্ষা বলৰ মুখ্য কমাণ্ডেন্ট লালমোহন ঠাকুৰে কয় যে ” যোৱা বছৰৰ পৰা দেশত পালন কৰি অহা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আগন্তক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা ‘হৰ ঘৰ ম্যে তীৰংগা’ শীৰ্ষক শ্ল’গানৰ দ্বাৰা প্ৰত্যেক ব্যক্তিৰ হৃদয়ত দেশপ্ৰেম জগাই তোলাৰ বাবেই ৱাকাথনৰ আয়োজন কৰা হৈছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই