বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত নিজৰ হেৰুৱা মূল্যবান এপল লেপটপ আৰু আই ফোন ঘূৰাই পোৱাৰ আনন্দত আত্মহাৰা হৈ পৰিছে এজন যাত্ৰী। উল্লেখযোগ্য যে যোৱা সপ্তাহত এজন যাত্ৰীয়ে অজানিতে তেওঁৰ এপল লেপটপ আৰু আই ফোনটো পাৰ্কিং স্থানত ট্ৰ’লীৰ ওপৰতে এৰি থৈ যায়। দৈৱক্ৰমে সেই সময়ত পাৰ্কিং স্থানৰ ডিউটিত থকা কৰ্মচাৰীয়ে লেপটপটো বিমানকোঠৰ’ হেৰোৱা আৰু পোৱা’ বিভাগত জমা দিয়ে। পিছদিনা যাত্ৰীজনে আহি তেওঁৰ নিজৰ বস্তু জিন্মাত লয়। জিন্মাত লৈ তেওঁ মন্তব্য কৰে এই মূহুৰ্তটো মোৰ বাবে অতি আনন্দদায়ক! মই ভাবিছিলোঁ মোৰ মৰমৰ লেপটপটো আৰু আই ফোনটো ভৱিষ্যতে কেতিয়াও ঘূৰাই নাপাম। বিমানকোঠৰ নিৰাপত্তা ৰক্ষী সকলক বহুত বহুত ধন্যবাদ। আজি গৰ্ব কৰি মই ক’ব পাৰো যে আমাৰ গুৱাহাটী বিমানকোঠ সকলোৰে বাবে অতি নিৰাপদ। তাৰোপৰি, এই সপ্তাহত যাত্ৰীসকলে বিমানকোঠত এৰি থৈ যোৱা দুটাতকৈও বেছি লেপটপ, মোবাইল ফোন, কেইবাটাও লাগেজ বেগ আৰু বিভিন্ন প্ৰকাৰৰ বহুমূলীয়া সামগ্ৰী ইতিমধ্যে যাত্ৰী সকলক ঘূৰাই দিয়া হৈছে। বিমানকোঠ কতৃপক্ষই এইসকল নিঃস্বাৰ্থবান কৰ্মচাৰী ক্ৰমে, ৰাহুল কুলী, আজিমুদ্দীন খান, মানৱ বড়ো আৰু সিমান্ত দাসৰ উৎকৃষ্টতম সহযোগীতাৰ বাবে প্ৰশংসা কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন