বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত মহিলা আৰু পুৰুষ কৰ্মচাৰীৰ মাজত এখন সাপ্তাহিক কেৰম আৰু দবা প্ৰতিযোগীতাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰায় যোৱা সাত দিন ধৰি একেৰাহে চলি থকা খেলখনৰ আজি সামৰণি পৰে। খেলৰ ফলাফল আজি ঘোষণা কৰা হয়। ফলাফল অনুসৰি, পুৰুষৰ কেৰম শাখাত ইন্দিগ’ বিমানসেৱাৰ কৰ্মচাৰী, সুনিল বাচফৰ বিজয়ী ঘোষিত হয়, লগতে এ এ আইৰ তৰফৰ পৰা গৌতম বৰুৱা আৰু এয়াৰ ইন্দিয়াৰ ফালৰ পৰা গৌতমজুম দাৰে ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় ৰাণাৰছ আপ লাভ কৰে। একেদৰে মহিলা কেৰম শাখাত এ এ আইৰ হেমা কোৱৰ বিজয়ী ঘোষিত হয় লগতে বৰ্ষা দেবীয়ে প্ৰথম ৰাণাৰছ আপ লাভ কৰে। আনহাতেদি দবা প্ৰতিযোগীতাত, পুৰুষৰ শাখাত এ এ আইৰ কৰ্মচাৰী চালাম বিৰজীত সিংক বিজয়ী ঘোষিত কৰা হয় লগতে গৌৰৱ প্ৰকাশ আৰু তৰণজিৎ সিংক ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় ৰাণাৰছ আপৰ পদক প্ৰদান কৰা হয়। খেলখন বিমানকোঠৰ সমূহ কৰ্মচাৰীৰ উদ্যোগত অনুষ্ঠিত হয়। বটা বিতৰণী সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিমানকোঠৰ মুখ্য কাৰ্যবাহী বিষয়া (COO) স্নেহাশীষ দত্ত। ভাষণত তেখেতে মানুহৰ দৈনন্দিন জীৱনত খেলৰ উপযোগীতাৰ বিষয়ে সদৰী প্ৰকাশ কৰাৰ লগতে সমূহ বিজয়ীসকলক উৎসাহ প্ৰদান কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা