বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত মহিলা আৰু পুৰুষ কৰ্মচাৰীৰ মাজত এখন সাপ্তাহিক কেৰম আৰু দবা প্ৰতিযোগীতাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰায় যোৱা সাত দিন ধৰি একেৰাহে চলি থকা খেলখনৰ আজি সামৰণি পৰে। খেলৰ ফলাফল আজি ঘোষণা কৰা হয়। ফলাফল অনুসৰি, পুৰুষৰ কেৰম শাখাত ইন্দিগ’ বিমানসেৱাৰ কৰ্মচাৰী, সুনিল বাচফৰ বিজয়ী ঘোষিত হয়, লগতে এ এ আইৰ তৰফৰ পৰা গৌতম বৰুৱা আৰু এয়াৰ ইন্দিয়াৰ ফালৰ পৰা গৌতমজুম দাৰে ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় ৰাণাৰছ আপ লাভ কৰে। একেদৰে মহিলা কেৰম শাখাত এ এ আইৰ হেমা কোৱৰ বিজয়ী ঘোষিত হয় লগতে বৰ্ষা দেবীয়ে প্ৰথম ৰাণাৰছ আপ লাভ কৰে। আনহাতেদি দবা প্ৰতিযোগীতাত, পুৰুষৰ শাখাত এ এ আইৰ কৰ্মচাৰী চালাম বিৰজীত সিংক বিজয়ী ঘোষিত কৰা হয় লগতে গৌৰৱ প্ৰকাশ আৰু তৰণজিৎ সিংক ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় ৰাণাৰছ আপৰ পদক প্ৰদান কৰা হয়। খেলখন বিমানকোঠৰ সমূহ কৰ্মচাৰীৰ উদ্যোগত অনুষ্ঠিত হয়। বটা বিতৰণী সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিমানকোঠৰ মুখ্য কাৰ্যবাহী বিষয়া (COO) স্নেহাশীষ দত্ত। ভাষণত তেখেতে মানুহৰ দৈনন্দিন জীৱনত খেলৰ উপযোগীতাৰ বিষয়ে সদৰী প্ৰকাশ কৰাৰ লগতে সমূহ বিজয়ীসকলক উৎসাহ প্ৰদান কৰে।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান