এগৰাকী আপোচবিহীন,স্বাভিমানী সাংবাদিক।জনমুখী সাংবাদিকতাৰ সমান্তৰাল ভাৱে অসমীয়া ভাষা আৰু কাব্য সাহিত্যৰ জগতলৈকো মেটমৰা অৱদান আগবঢ়াই গৈছে নিজস্ব সৃষ্টিশীল সাহিত্যৰাজিৰে ।এইগৰাকী নীৰৱ সাহিত্য সাধক হল ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ শৰৎ চন্দ্ৰ নেওগ।আহোম ৰাজত্ব কালৰ আহোম যুগৰ এক কিম্বদন্তি নাৰী চৰিত্ৰৰ গতানুগতিক আৰু কথিত জীৱন গাঁথাক প্ৰত্যাহ্বান জনাই নিজৰ অনিসন্ধিৎসু চিন্তা চেতনা আৰু গৱেষণালব্ধ অধ্যয়নৰ পৰিশেষত সম্পূৰ্ণতাৰ মুখ দেখিলে “জেৰেঙাৰ উচুপনি- হত্যাকাৰীৰ সন্ধানত ” শীৰ্ষক ত্বতগধূৰ গ্ৰন্থই। মহা সতী জয়মতীৰ তথাকথিত প্ৰবাদ আৰু ইতিহাসৰ বিপৰীতে এক ৰূঢ় বাস্তৱক জন দৃষ্টিলৈ গভীৰ প্ৰত্যয়েৰে আনি প্ৰকাশ কৰা এই “জেৰেঙাৰ উচুপনি” গ্ৰন্থখন শনিবাৰে উন্মোচন কৰে বিশিষ্ট তাই পণ্ডিত , পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী যোগেন্দ্ৰ নাথ মহনে । লখিমপুৰ জিলাৰ আজাদ বৰচৰিয়াত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হোৱা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৩৯ সংখ্যক অধিবেশনৰ শনিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অদ্যপি অপ্ৰকাশিত বিভিন্ন তথ্য সম্ভাৰেৰে পৰিপুষ্ট গ্ৰন্থখন উন্মোচন কৰা হয়। পূৰ্বাঞ্চল তাই সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট তাই পণ্ডিত,পদ্মশ্ৰী মহনে মহা সতী জয়মতীৰ বিষাদগ্ৰস্ত জীৱন পৰিক্ৰমাৰ এক অপ্ৰকাশিত ৰূঢ় বাস্তৱ নেওগৰ এই গ্ৰন্থই জন দৃষ্টিলৈ আনিব বুলি কয়। মুঠ ১৮৫ পৃষ্ঠাৰ এই গ্ৰন্থখনে নিশ্চিত ভাবে পাঠকৰ মাজত এক আলোড়ন সৃষ্টি কৰিব সেয়া নিশ্চিত।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ