এগৰাকী আপোচবিহীন,স্বাভিমানী সাংবাদিক।জনমুখী সাংবাদিকতাৰ সমান্তৰাল ভাৱে অসমীয়া ভাষা আৰু কাব্য সাহিত্যৰ জগতলৈকো মেটমৰা অৱদান আগবঢ়াই গৈছে নিজস্ব সৃষ্টিশীল সাহিত্যৰাজিৰে ।এইগৰাকী নীৰৱ সাহিত্য সাধক হল ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ শৰৎ চন্দ্ৰ নেওগ।আহোম ৰাজত্ব কালৰ আহোম যুগৰ এক কিম্বদন্তি নাৰী চৰিত্ৰৰ গতানুগতিক আৰু কথিত জীৱন গাঁথাক প্ৰত্যাহ্বান জনাই নিজৰ অনিসন্ধিৎসু চিন্তা চেতনা আৰু গৱেষণালব্ধ অধ্যয়নৰ পৰিশেষত সম্পূৰ্ণতাৰ মুখ দেখিলে “জেৰেঙাৰ উচুপনি- হত্যাকাৰীৰ সন্ধানত ” শীৰ্ষক ত্বতগধূৰ গ্ৰন্থই। মহা সতী জয়মতীৰ তথাকথিত প্ৰবাদ আৰু ইতিহাসৰ বিপৰীতে এক ৰূঢ় বাস্তৱক জন দৃষ্টিলৈ গভীৰ প্ৰত্যয়েৰে আনি প্ৰকাশ কৰা এই “জেৰেঙাৰ উচুপনি” গ্ৰন্থখন শনিবাৰে উন্মোচন কৰে বিশিষ্ট তাই পণ্ডিত , পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী যোগেন্দ্ৰ নাথ মহনে । লখিমপুৰ জিলাৰ আজাদ বৰচৰিয়াত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হোৱা পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৩৯ সংখ্যক অধিবেশনৰ শনিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অদ্যপি অপ্ৰকাশিত বিভিন্ন তথ্য সম্ভাৰেৰে পৰিপুষ্ট গ্ৰন্থখন উন্মোচন কৰা হয়। পূৰ্বাঞ্চল তাই সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট তাই পণ্ডিত,পদ্মশ্ৰী মহনে মহা সতী জয়মতীৰ বিষাদগ্ৰস্ত জীৱন পৰিক্ৰমাৰ এক অপ্ৰকাশিত ৰূঢ় বাস্তৱ নেওগৰ এই গ্ৰন্থই জন দৃষ্টিলৈ আনিব বুলি কয়। মুঠ ১৮৫ পৃষ্ঠাৰ এই গ্ৰন্থখনে নিশ্চিত ভাবে পাঠকৰ মাজত এক আলোড়ন সৃষ্টি কৰিব সেয়া নিশ্চিত।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন