কেন্দ্ৰীয কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছিংগাপুৰ সামুদ্ৰিক সপ্তাহত বিশ্বৰ সামুদ্ৰিক খণ্ডৰ আগশাৰীৰ নেতৃবৰ্গৰ সৈতে যোগদান কৰে আৰু নিৰাপদ, বহনক্ষম তথা সমৃদ্ধিশালী সামুদ্ৰিক ভৱিষ্যতৰ বাবে ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰে। লগতে তেখেতে বিভিন্ন আলোচনা-চক্ৰতো ভাগ লয়। সামুদ্ৰিক প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰি ভাৰতে কিদৰে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিছে, সেই বিষয়ে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে সামুদ্ৰিক সংযোগ আৰু যোগান শৃংখল শক্তিশালী কৰাৰ লগতে সেউজ বহনক্ষম সামুদ্ৰিক ভৱিষ্যতৰ দিশত সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো যুক্তি আগবঢ়ায়। ভাৰতৰ ডিজিটেলাইজেচন আৰু ভৱিষ্যতৰ বাবে সুসজ্জিত জাহাজ পৰিবহণৰ পদক্ষেপৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অ’এনঅ’পি, এনএলপি (মেৰিন), আৰু মৈত্ৰীৰ দৰে সামুদ্ৰিক নীতিয়ে বন্দৰ সেৱাসমূহ সুশৃংখলিত কৰিছে, লেনদেনৰ সময় হ্ৰাস কৰিছে, আৰু বাস্তৱ সময়ৰ তথ্য সক্ষম কৰিছে। ভাৰতে ইউ এ ই আৰু ছিংগাপুৰৰ সৈতেও অংশীদাৰিত্ব কৰি নিৰৱচ্ছিন্ন কাৰ্গ’ চলাচলৰ বাবে ভাৰ্চুৱেল ট্ৰেড কৰিডৰ সৃষ্টি কৰিছে।
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘বসুধৈৱ কুটুম্বকমত শিপাই থকা ভাৰতৰ সামুদ্ৰিক দৃষ্টিভংগীয়ে পাৰস্পৰিক সহযোগিতা আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটাই আহিছে। নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে ভাৰতে এক সেউজ, সুৰক্ষিত আৰু সৰ্বাংগীণ সামুদ্ৰিক ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ছিংগাপুৰ আৰু বিশ্বৰ সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে একত্ৰিত হৈ আমি উদ্ভাৱন আৰু সামূহিক কাৰ্য্যক আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছোঁ আৰু এক শক্তিশালী সামুদ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়াৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই আহিছোঁ।”
সৰ্বানন্দ সোণোৱালে ছিংগাপুৰ সামুদ্ৰিক সপ্তাহৰ উদযাপন অনুষ্ঠানত ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ আইন আৰু পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মুৰালী পিল্লাইৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰ চৰকাৰৰ আন জ্যেষ্ঠ মন্ত্ৰীৰ সৈতেও গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হয়, য’ত ছিংগাপুৰৰ জনশক্তি মন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ দ্বিতীয় মন্ত্ৰী ডাঃ টান ছী লেং, ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালকৃষ্ণন আদি উপস্থিত থাকে। সোণোৱালে কয় যে- ভাৰতে বাণিজ্যিক পথ সুদৃঢ় কৰিবলৈ আই এম ই ই চি, ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ, আৰু উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ দৰে মূল কৰিডৰ বিকশিত কৰি যোগান শৃংখলৰ দুৰ্বলতা দূৰ কৰিছে। ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগে লজিষ্টিক, বন্দৰ সংযোগ আৰু বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব। ভাৰতে নীতি সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণকাৰী দেশৰ ভিতৰত স্থান লাভ কৰাৰ লক্ষ্য লৈছে। ভাৰতীয় বন্দৰসমূহে ২০৪৭ চনৰ ভিতৰত বিশ্বব্যাপী মালবাহী অংশীদাৰিত্ব ৬%ৰ পৰা ১৫%লৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে, যিটো সামুদ্ৰিক উন্নয়ন পুঁজিৰ দ্বাৰা ক্ষিপ্ৰতৰ কৰা হ’ব।
ভাৰত-ছিংগাপুৰৰ বৰ্ধিত আৰু কৌশলগত অংশীদাৰিত্বক ন উদ্দীপনাৰে আগুৱাই নিয়া, সামুদ্ৰিক খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত সৌহাৰ্দপূৰ্ণ বাৰ্তালাপ কৰে সোণোৱালে।
সোণোৱালে কয়, “২০২৫ বৰ্ষৰ ছিংগাপুৰ সামুদ্ৰিক সপ্তাহৰ শুভ উদ্বোধনী অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ। দেশখনৰ মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বৰ্তমানৰ জ্যেষ্ঠ মন্ত্ৰী লী ছিয়েন লুঙৰ উদ্বোধনী ভাষণ শুনি অত্যন্ত আপ্লুত হ’লোঁ, তেখেতে ক্ৰমবৰ্ধমান ভাৰত-ছিংগাপুৰৰ সামুদ্ৰিক সম্পৰ্কৰ সন্দৰ্ভত বৰ গুৰুত্বপূৰ্ণ আলোকপাত কৰিছে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সম্প্ৰদায়ৰ বাৰ্ষিক সমাৱেশত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য আৰু সন্মানৰ বতৰা। ভাৰতবৰ্ষৰ বাবে বিশ্বব্যাপী সহযোগিতা বৃদ্ধি কৰা আৰু ভৱিষ্যতৰ বাবে সুসজ্জিত সামুদ্ৰিক বিনিয়োগৰ অগ্ৰণী প্ৰাণকেন্দ্ৰ হিচাপে ভাৰতৰ সুযোগ-সম্ভাৱনা তৎপৰতাৰে ত্বৰান্বিত কৰাত আমি অগ্ৰাধিকাৰ দিছোঁ। ভাৰত-ছিংগাপুৰৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু পাৰস্পৰিক সামুদ্ৰিক বাণিজ্য তথা বিশ্বব্যাপী জাহাজ পৰিবহণ অংশীদাৰিত্ব ক্ষিপ্ৰতাৰে ত্বৰান্বিত কৰাৰ বিভিন্ন দিশৰ আমি অন্বেষণ কৰিছোঁ।”
ইয়াৰ উপৰিও সৰ্বানন্দ সোণোৱালে কয়, “জলবায়ু পৰিৱৰ্তন আৰু ভূ-ৰাজনীতিৰ পৰা আৰম্ভ কৰি ডিজিটেল বিঘিনি আৰু পৰিৱৰ্তিত বাণিজ্যিক আৰ্হিলৈকে সামুদ্ৰিক খণ্ডই প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাৰে সন্মুখীন হৈছে। বিকশিত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগীৰে ভাৰতৰ সামুদ্ৰিক খণ্ডই অৰ্থনীতি বৃদ্ধিৰ গুৰুত্বপূৰ্ণ চাবিকাঠী হিচাপে কাম কৰিছে, ভাৰতে বন্দৰৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰিছে, লজিষ্টিক একত্ৰিত কৰিছে আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰিছে—যাৰ ফলত বন্দৰৰ দক্ষতা, ক্ষমতা বৃদ্ধি হৈছে, শক্তিশালী মালবাহী জাহাজৰ আন্তঃগাঁথনি আৰু বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি পাইছে।”
সৰ্বানন্দ সোণোৱালে কয়, “আমি ভাৰতত সেউজ বন্দৰৰ আন্তঃগাঁথনি আগবঢ়াই নিছোঁ, কম নিৰ্গমনযুক্ত জাহাজ পৰিবহণক প্ৰসাৰিত কৰিছোঁ। তিনিটা সেউজ হাইড্ৰ’জেন হাব বন্দৰ—কান্দলা, টুটিক’ৰিন আৰু পাৰাদ্বীপে—বিকল্প ইন্ধন গ্ৰহণ আৰু সেউজ হাইড্ৰ’জেন উৎপাদনক আগুৱাই নিব। ভাৰতেও আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ সেউজ উৎপাদনৰ ধাৰাক নেতৃত্ব দি আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বচ্ছ শক্তি আৰু স্মাৰ্ট লজিষ্টিকছত গুৰুত্ব আৰোপ কৰি সেউজ জাহাজ কৰিডৰ বিকাশৰ ক্ষেত্ৰতো বিস্তৃত সুযোগ প্ৰশস্ত কৰা হৈছে।”
সৰ্বানন্দ সোণোৱালে এপিএম টাৰ্মিনেল, গেটৱে টাৰ্মিনেলকে ধৰি সামুদ্ৰিক খণ্ডৰ অন্যান্য কৰ্প’ৰেট গোষ্ঠীৰ নেতৃবৰ্গৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।
আনহাতে কালি ছিংগাপুৰৰ ভাৰতীয় সমাজৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালক উষ্ম আদৰণি জনায় প্ৰবাসী ভাৰতীয়সকলে। বিকশিত ভাৰতৰ উত্থানৰ বিষয়ে কালি অনুষ্ঠিত হোৱা মত বিনিময়ৰ সন্ধিয়াটো আকৰ্ষণীয় কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা জনায় সোণোৱালে আৰু কয়, “ভাৰত আৰু ছিংগাপুৰে শতিকাজুৰি সামুদ্ৰিক আৰু বাণিজ্যিক সম্পৰ্ক, প্ৰব্ৰজন আৰু সাংস্কৃতিক সম্প্ৰীতিৰ মাজেৰে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছে। ছিংগাপুৰৰ ৰূপান্তৰৰ প্ৰক্ৰিয়াত ভাৰতীয়সকলৰ অৰিহণাও অনস্বীকাৰ্য। ভাৰতে এতিয়া মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিশ্ব মানচিত্ৰত শক্তিশালীভাৱে জিলিকি উঠিছে। আমাৰ দেশৰ ঐতিহ্য-পৰম্পৰাৰ শিপাডাল ধৰি ৰাখি ভাৰতৰ উন্নয়নৰ অনিৰুদ্ধ গতিত সক্ৰিয় ভূমিকা ল’বলৈ ছিংগাপুৰৰ ভাৰতীয় সমাজখনক আন্তৰিকতাৰে আহ্বান জনালোঁ।
তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ছিংগাপুৰত উপস্থিত হোৱাৰ পাছতেই কালি সোণোৱালে ‘আই এন এ স্মাৰক’ত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু সৈনিকসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনায়।