পৰিৱেশৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজ তথা কণ-কণ শিশুসকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে শিশু শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেলিকিডছ এডুকেয়াৰ বৰিহাটে কালি শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰাঙ্গনত ৰূপায়ণ কৰে এক বিশেষ কাৰ্যসূচী ।আমাৰ পৰিৱেশ আমাৰ ভৱিষ্যত-শীৰ্ষক অনুষ্ঠানটিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে উপস্থিত থাকে প্ৰতিষ্ঠানখনৰ অভিভাৱকৰ আৰু কেইবাগৰাকীও নেতৃত্বস্থানীয় ব্যক্তি ।সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আয়োজন কৰা এই অনুষ্ঠানত ঝাৰোবড়ী আঞ্চলিক হাইস্কুলৰ শিক্ষয়িত্ৰী ৰেখামণি কলিতাই বৃক্ষৰোপন কৰাৰ লগতে ভাষণ প্ৰদান কৰে অভিভাৱকৰ লগতে কিশলয় বিদ্যাপীথ ,দিশপুৰৰ শিক্ষক দীপ কুমাৰ চৌধুৰী আৰু কামৰূপ জাতীয় বিদ্যালয়,মিৰ্জাৰ শিক্ষক স্বাধীন দাসে ।অনুষ্ঠানত সঞ্চালক ৰত্ন দাসে এটা গছপুলিৰ ৰোপণ আৰু প্ৰতিপালনৰ কচৰতে কেনেকৈ শিশুৰ মানসিক- সামাজিক বিকাশৰ লগতে চৰিত্ৰ গঠনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই বিষয়ে অৱগত কৰে ।এই কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ দুই শতাধিক লোকৰ মাজত গছপুলি বিতৰণ কৰা হয় । বেলিকিডছৰ পৰিচালন সঞ্চালক মীনাক্ষী চৌধুৰীয়ে অনুষ্ঠানটি আঁত ধৰে । অনুষ্ঠানটিত সহযোগিতা আগবঢ়াই স্পৰ্শ-অসম নামৰ এটি বেচৰকাৰী প্ৰতিষ্ঠানে ।উল্লেখযোগ্য যে প্ৰতিবছৰে বেলিত অধ্যয়নৰত শিশুসকলৰ ওপজা দিনত প্ৰতিষ্ঠানখনে একোটিকৈ গছপুলি প্ৰদান কৰি আহিছে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা