টকিঅ’ অলিম্পিকত ভাৰতীয় দলৰ চেফ ডে মিছনৰ দৰে গুৰু দায়িত্ব পালন কৰা ভাৰতীয় ভাৰোত্তোলন সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত বৈশ্যক সম্বধৰ্না জনোৱা হয়। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি অসম ভাৰোত্তোলন সন্থাৰো সভাপতিৰ দায়িত্বত থকা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয়- নৱম,দশম শ্ৰেণীত পঢ়ি থাকোতে লালা অমৰনাথৰ তত্বাবধানত ক্ৰিকেটৰ প্ৰশিক্ষণ লবলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামলৈ আহিছিলোঁ।পৰৱৰ্তী সময়ত কেইবাগৰাকীও জ্যেষ্ঠ ক্ৰীড়া সংগঠকৰ সান্নিধ্য লাভ কৰি টেবল টেনিছৰ সৈতে জড়িত হৈ পৰিলোঁ।ভাৰতীয় টেবুল টেনিছৰ শীৰ্ষ পদত থকাৰ পাছতো ২০০৯ চনত নিস্প্ৰভ হৈ থকা ভাৰতীয় ভাৰোত্তোলনৰ দায়িত্ব চম্ভালি ললো। ইয়াৰ পাছতে ক্ৰমশ: ঠন ধৰি উঠা ভাৰতীয় ভাৰোত্তোলন সন্থাই আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন ফেডাৰেশ্বনৰো ক্লিনশ্বিট লাভ কৰিলে। আনহাতে, টকিঅ’ত ভৰতীয় দলে অলিম্পিক ইতিহাসত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ লগতে এজনো খেলুৱৈ বা কৰ্মকৰ্তা ক’ভিড পজিটিভ নোহোৱাকৈ টকিঅ’ৰ পৰা ওভতি আহি এক প্ৰকাৰৰ নিদৰ্শন দাঙি ধৰিলে বুলি কয় বৈশ্যই। ইফালে, টকিঅ অলম্পিকত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যি সক্ৰিয়তা প্ৰদৰ্শন কৰি খেলুৱৈসকলৰ অভাৱ অভিয়োগ সমাধান কৰাৰ চেষ্টা কৰিছিল তাক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ কথা অৱগত কৰে লক্ষ্য কোঁৱৰে। অনুষ্ঠানত বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা, অসম অলিম্পিক সন্থাৰ মিডিয়া কমিটিৰ অধ্যক্ষ ৰাজীৱ প্ৰকাশ বৰুৱা আৰু বিশিষ্ট ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাইও ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ হৈ বিষ্ণুৰাম নুনিছা, কল্যাণ গগৈ, অনুপ চৌধুৰী, অংশুমান দত্তকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। আনহাতে, অসম ভাৰোত্তোলন সন্থাকে ধৰি বহুকেইটা ৰাজ্যিক ক্ৰীড়া সন্থাই বৈশ্যক সম্বৰ্ধনা জনায়।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta