দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ১৭ ছেপ্টেম্বৰত ক’ভিড বিধি মানি পৰম্পৰাগতভাৱে শ্ৰী শ্ৰীবিশ্বকৰ্মা পূজা পালন কৰা হ`ব । ইফালে বিশ্বকৰ্মা পূজাৰ সময়ৰে পৰা দেশত আৰম্ভ হয় পূজা বা উৎসৱৰ বতৰ । কিয়নো বিশ্বকৰ্মা পূজাৰ কিছুদিন পাছত আৰম্ভ হ`ব শাৰদীয় শ্ৰী শ্ৰীদুৰ্গা পূজা, তাৰ পাছত শ্ৰী শ্ৰীলক্ষ্মী পূজা , ষট পূজা , দীপাৱলী , ৰাস , জগদ্ধাত্ৰী পূজাকে ধৰি বিভিন্ন পূজা । আনহাতে উৎসৱৰ বতৰত আনন্দত মতলীয়া হৈ কোনোৱে অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই দূৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে আহ্বান জনাইছে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) বিষয়া আৰু জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে । এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় – উৎসৱৰ সময়ত একাংশ চালকে নিশাৰ ভাগত সুৰাপান কৰি অনিয়ন্ত্ৰিত গতিবেগত বাহন চলাই নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । ফলত বহু উঠি অহা নতুন প্ৰজন্মৰ যুৱক হেৰাই যায়। ইয়ে সমাজত ব্যাপক ক্ষতি সাধন কৰিছে । যাৰ বাবে জিলা পৰিবহণ বিষয়া গৌতম দাসে পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ বাবে চালক সকলক শ্ৰী শ্ৰীবিশ্বকৰ্মা পূজাৰ দিনটোৰ পৰা বাহন চলোৱাৰ সময়ত পাঁচটা বিষয়ত শপত লৈ বাহন চলাবলৈ চালক সকলক আহ্বান জনাইছে । সেই পাঁচটা শপত হল ক্ৰমে – মদ্যপান কৰি গাড়ী নচলাও ,গাড়ী চলাওতে ছিটবেল্ট ব্যৱহাৰ কৰিম , হেলমেট পৰিধান কৰিহে দুচকীয়া বাহন চলাম , গাড়ী চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰো , যান – বাহন আইন মানি চলিম , দুৰ্ঘটনা এৰাই চলিম । জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দূৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছে । এই আহ্বানক বাস্তৱত ৰূপ দিয়াৰ বাবে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সকলো জিলা পৰিবহণ বিষয়াক নিৰ্দেশনা দিছে । মুখ্যমন্ত্ৰীৰ আহ্বান আৰু পৰিবহণ মন্ত্রীৰ প্ৰতি সঁহাৰি দি এই পাঁচটা শপত লৈ গাড়ী চলালে দূৰ্ঘটনাৰ সংখ্যা নিশ্চিত ভাবে বহুখিনি কমি যাব বুলি জিলা পৰিবহণ বিষয়াজনে আশা ব্যক্ত কৰিছে ।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan