দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী, চিআৰপিএফ, হোমগাৰ্ড, এনএছগোট, অসম বেটেলিয়ানে অনুষ্ঠিত কৰিছে মাৰ্চপাষ্ট।বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে হাটশিঙিমাৰীৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই মাৰ্চপাষ্ট।আজি পুৱা ৮ বজাত অনুষ্ঠিত এই মাৰ্চপাষ্টত জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, 26 আইআৰ বেটেলিয়ান কমাণ্ডেন্ট সুমন চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া,কৰ্মচাৰীসকলো উপস্থিত থাকে।উল্লেখ্য যে এই মাৰ্চপাষ্টৰ দলটোৱে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখেদি হাটশিঙিমাৰী মানকাচৰ পথেৰে হাটশিঙিমাৰীস্থিত ভাৰতীয় ষ্টেট বেংক লৈ এক শোভাযাত্ৰা কৰি পুনৰ মহাবিদ্যালয় খেল পথাৰত উপস্থিত হয়।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী