আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতৰ নিৰ্বাচন আয়োগে ৫ নং গুৱাহাটী লোকসভা সমষ্টিত ব্যয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া টি জেমছ সিংছন শুক্ৰবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। ব্যয় পৰ্যবেক্ষকগৰাকীয়ে শনিবাৰে কামৰূপ(ম) জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাত কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী ব্যয় পৰীক্ষণ কোষৰ ন’ডেল বিষয়া, পাঁচটা বিধানসভা সমষ্টিৰ বাবে নিয়োগ কৰা পাঁচগৰাকী সহকাৰী ব্যয় পৰ্যবেক্ষক, আৰক্ষী আয়ুক্তৰ ন’ডেল বিষয়া, মিডিয়া চাৰ্টিফিকেশ্বন মণিটৰিং কমিটিৰ ন’ডেল বিষয়া, সহকাৰী আয়ুক্ত , নিৰ্বাচনী কোষৰ বিষয়া আৰু ব্যয় পৰ্যবেক্ষণৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।ব্যয় পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচন কালত ব্যয় পৰ্যবেক্ষণৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰী সকলৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তেওঁ আটাইকে নিষ্ঠা আৰু সততাৰে নিজৰ নিজৰ কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনায়। লগতে কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী ব্যয় সম্পৰ্কীয় কিবা অভিযোগ থাকিলে “৯৮৬৪২-২২৪১১” নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ ব্যয় পৰ্যবেক্ষক গৰাকীয়ে আহ্বান জনায়। অনুৰূপধৰণে দিছপুৰ বিধানসভা সমষ্টিৰ বাবে ৮৮২২০৯৯৫৫২ নম্বৰত, নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে ৯৮৬৪৮৮৯৮৯৭ নম্বৰত, গুৱাহাটী চেন্ট্ৰেলৰ বাবে ৮৮২২১০৬৪৯৪ নম্বৰত, জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে ৮৮২২১৩৫৭৬৯ নম্বৰত আৰু ডিমৰীয়া বিধানসভা সমষ্টিৰ বাবে ৮৮২২১৩৪১৬১ নম্বৰত যোগাযোগ কৰি সহকাৰী ব্যয় পৰ্যবেক্ষকৰ লগত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় অভিযোগ থাকিলে দিব পাৰিব । আনহাতে কামৰূপ (ম) জিলাৰ নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে নিয়ন্ত্ৰণ কক্ষৰ বাবে ০৩৬১-৪০৯০৭৭৭ নম্বৰত, হেল্পলাইনৰ বাবে ১৯৫০ নম্বৰত আৰু জিলা নিৰ্বাচনী কাৰ্যালয়ৰ বাবে ০৩৬১-৪০৮৪৯৭৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত অহা ৭ মে’ তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই