ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৬ আৰু ১৭ এপ্ৰিলৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কিছু নিৰ্দিষ্ট পথত ” ন’ ফ্লাই জ’ন আৰু ন’ ক্ৰেকাৰ জ’ন ” হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে। এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ গৰাকীয়ে সদৰি কৰা মতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা জালুকবাৰী- মালিগাঁও-ভৰলুমুখ- পাণবজাৰ- জিএছ ৰোড- ছয়মাইল হৈ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব । আনহাতে উল্লেখিত পথসমূহৰ লগতে কইনাধৰা অতিথিশালা এলেকাত দ্ৰোণ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা