মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ

0 155

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৬ আৰু ১৭ এপ্ৰিলৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কিছু নিৰ্দিষ্ট পথত ” ন’ ফ্লাই জ’ন আৰু ন’ ক্ৰেকাৰ জ’ন ” হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে। এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ গৰাকীয়ে সদৰি কৰা মতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা জালুকবাৰী- মালিগাঁও-ভৰলুমুখ- পাণবজাৰ- জিএছ ৰোড- ছয়মাইল হৈ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব । আনহাতে উল্লেখিত পথসমূহৰ লগতে কইনাধৰা অতিথিশালা এলেকাত দ্ৰোণ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।

Leave A Reply

Your email address will not be published.