ড্ৰাই ডে ঘোষণা

0 146

সমাগত লোকসভা নিৰ্বাচনত ১৯ এপ্ৰিলত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা দণ্ডাধীশে ১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা ১৯ এপ্ৰিললৈ ভোটগ্ৰহণ সমাপ্ত নোহোৱা পৰ্যন্ত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছ। এই সময়ছোৱাত জিলাখনত সুৰা সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তদুপৰি সুৰাৰ পাইকাৰী আৰু খুচুৰা সকলো ধৰণৰ বিপনী বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ ৰ ১৩৫(গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে। উল্লেখনীয় যে কাষৰীয়া ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰি কৰা হৈছে বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

Leave A Reply

Your email address will not be published.