বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আগন্তক স্বাধীনতা দিৱস উপলক্ষে ১০ দিনীয়া কাৰ্যসূচীৰে এখন অতি প্ৰাচীন পেইন্টিং মেলাৰ আয়োজন কৰা হৈছে। য’ত ২৫০০ বৰ্ষ পুৰণি মধুবনী পেইন্টিং আৰু ১৪০০ বছৰীয়া পুৰণি গ’ণ্ড পেইন্টিং আঁকি থকা দেখুৱা হৈছে। দুজন বাহিৰৰ প্ৰদেশৰ পৰা আমন্ত্ৰিত কৰি অনা অতি প্ৰসিদ্ধ কৌশলীৰ দ্বাৰা এই পেইন্টিং কৰাই থকা হৈছে। উল্লেখযোগ্য যে মধুবনী পেইন্টিং বিহাৰৰ মিথিলা নামৰ ঠাইৰ এক অতি প্ৰাচীন পেইন্টিং। এই পেইন্টিংসমূহ সম্পূৰ্ণ প্ৰাকৃতিক ৰং, তুলিকা, চলাই কাঠি ইত্যাদিৰে অতি নিখুতভাৱে অঙ্কন কৰা হয়। আনহাতে গণ্ড পেইন্টিং হৈছে মধ্য ভাৰতৰ এক জাতীয় পেইন্টিং। ‘গণ্ড’ শব্দটো আহিছে ‘কণ্ড’ শব্দটোৰ পৰা যাৰ অৰ্থ হৈছে সেউজ পৰ্বত আৰু তাত বসবাস কৰা লোকসকলক ‘গণ্ডীছ’ যিসকল আজিও মধ্যপ্ৰদেশত বসবাস কৰি আছে। এতিয়া বিমাবকোঠৰ আগমন কক্ষৰ বাহিৰত যাত্ৰীসকলে জীৱন্তে এই অংকন মেলা চাব পাৰিব। এই মেলা ১৬ আগষ্টলৈ একেৰাহে চলিব।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি