বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আগন্তক স্বাধীনতা দিৱস উপলক্ষে ১০ দিনীয়া কাৰ্যসূচীৰে এখন অতি প্ৰাচীন পেইন্টিং মেলাৰ আয়োজন কৰা হৈছে। য’ত ২৫০০ বৰ্ষ পুৰণি মধুবনী পেইন্টিং আৰু ১৪০০ বছৰীয়া পুৰণি গ’ণ্ড পেইন্টিং আঁকি থকা দেখুৱা হৈছে। দুজন বাহিৰৰ প্ৰদেশৰ পৰা আমন্ত্ৰিত কৰি অনা অতি প্ৰসিদ্ধ কৌশলীৰ দ্বাৰা এই পেইন্টিং কৰাই থকা হৈছে। উল্লেখযোগ্য যে মধুবনী পেইন্টিং বিহাৰৰ মিথিলা নামৰ ঠাইৰ এক অতি প্ৰাচীন পেইন্টিং। এই পেইন্টিংসমূহ সম্পূৰ্ণ প্ৰাকৃতিক ৰং, তুলিকা, চলাই কাঠি ইত্যাদিৰে অতি নিখুতভাৱে অঙ্কন কৰা হয়। আনহাতে গণ্ড পেইন্টিং হৈছে মধ্য ভাৰতৰ এক জাতীয় পেইন্টিং। ‘গণ্ড’ শব্দটো আহিছে ‘কণ্ড’ শব্দটোৰ পৰা যাৰ অৰ্থ হৈছে সেউজ পৰ্বত আৰু তাত বসবাস কৰা লোকসকলক ‘গণ্ডীছ’ যিসকল আজিও মধ্যপ্ৰদেশত বসবাস কৰি আছে। এতিয়া বিমাবকোঠৰ আগমন কক্ষৰ বাহিৰত যাত্ৰীসকলে জীৱন্তে এই অংকন মেলা চাব পাৰিব। এই মেলা ১৬ আগষ্টলৈ একেৰাহে চলিব।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন