ইটাখোলা ব্লু পাইন ইংলিচ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পদ যাত্ৰাৰে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ

0 226

জামুগুৰিহাটৰ সমীপবৰ্তী ইটাখোলা ব্লু পাইন ইংলিচ হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে “ঘৰ ঘৰ ত্ৰিৰংগা“ শীৰ্ষক এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে ৷ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে বিদ্যালয়ৰ কতৃপক্ষই এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ এই কাৰ্যসূচীৰ অন্যতম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ শিক্ষকসকলৰ বিশেষ তৎপৰতাত ছাত্ৰ-ছাত্ৰীসকলে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতাৰে এক পদ যাত্ৰাৰে নিকটবৰ্ত্তী অঞ্চলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে৷ হৰ ঘৰ ত্ৰিৰংগা, বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি শ্ল’গানৰে গাঁৱে গাঁৱে আগবাঢ়িল এক তিনি শতাধিকৰো অধিক ছাত্ৰ-ছাত্ৰীৰ পদ যাত্ৰা ৰেলী ৷ এই অনুষ্ঠানত ভাগ লয় বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰীসকলে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.