গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৱৰ্তী বঙৰাস্থিত এমন্ত্ৰনণৰ অধীনস্থ টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোন পাইলট প্ৰশিক্ষণ বিদ্যালয়ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । বিদ্যালয়খন উদ্ধোধন কৰে অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি, বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিবৰ্তন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। এই উপলক্ষে এমন্ত্ৰণৰ পৰিচালন সঞ্চালক এছ সুন্দৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমৰ বন বাহিনীৰ মুৰব্বী তথা এমন্ত্ৰণৰ প্ৰাক্তন পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱে। সভাত মন্ত্ৰী কেশৱ মহন্তই এমন্ত্ৰণ টেকচিটি স্থাপন কৰাৰ কথা স্মৰণ কৰি উক্ত ড্ৰোণ পাইলট প্ৰশিক্ষণ বিদ্যালয়ে যুৱক-যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাজ্যৰ চৰকাৰী – বেচৰকাৰী বিভাগত কৰ্ম সংস্থাপন বা নিজাকৈ কাম কৰিব পাৰিব । ৰাজ্য তথা বিদেশৰ বহু অভিজ্ঞতা থকা উদ্যোগ তথা ব্যক্তি আছে। আমি সেইসকলৰ অনুসৰণ কৰি আগবাঢ়ি যাব লাগিব তেতিয়াই তেওঁলোকৰ ওচৰ চাপিব পাৰিম বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত এমন্ত্ৰণৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ প্ৰশিক্ষণ বিদ্যালয় বঙৰা টেক চিটিত স্থাপন হোৱাত যুৱক-যুৱতীসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিব। এমন্ত্ৰণ বঙৰা টেকচিটিয়ে পৰৱৰ্তীয় সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰিব বুলি ভাষণ প্ৰসঙ্গত কলিতাই উল্লেখ কৰে । সভাত কেইবাগৰাকী ড্ৰোন প্ৰশিক্ষণ বিদ্যালয়ত প্ৰশিক্ষণৰত শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । সভাত এমট্ৰনৰ উপাধ্যক্ষ ৰিতু বৰণ শৰ্মা , সঞ্চালক মণ্ডলীৰ সদস্য পংকজ পাঠক , অসম চৰকাৰৰ আই টি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল , সচিব নন্দিতা দত্ত , সঞ্চালক স্বপনীল পাল , লণ্ডনস্থিত কৰছাইটৰ মুখ্য কাৰ্যবাহী বিষয়া ৰব ৱাট , কাৰ্যবাহী জেৰি বছম , অসম চৰকাৰৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে। উল্লেখ্য যে, এই ড্ৰোণ পাইলক প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰিবলৈ Directorate general of civil aviation, govt of India ই অনুমোদন জনাইছে। এই বিদ্যালয়ৰ জৰিয়তে স্থানীয় শিক্ষিত যুৱক যুৱতীসকলৰ মাজলৈ যোৱাৰ লক্ষ্য স্থিৰ কৰিছে এমট্ৰনে। এই বিদ্যালয়ে যুৱক যুৱতীসকলৰ জীৱিকা আৰু সংস্থাপনৰ ক্ষেত্ৰতো এক নতুন পথ মুকলি কৰাৰ লগতে সমাজৰ উন্নতিৰ ক্ষেত্ৰতো অৰিহণা জনাব বুলি আশাবাদী এমট্ৰনৰ কৰ্তৃপক্ষ। এতিয়ালৈকে দেশত মুঠ ২৩ খন দ্ৰোণ বিদ্যালয় পঞ্জীয়ন হৈ আছে। আজিৰে পৰা গুৱাহাটীৰ এমট্ৰন দ্ৰোণ বিদ্যালয় উদ্বোধন হোৱাৰ লগে লগে দেশৰ দ্ৰোণ মানচিত্ৰত অসমৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি এমন্ত্ৰণ কৰ্তৃপক্ষই জানিবলৈ দিছে।
Trending
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam