ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ৭৫ বছৰীয়া বর্ষপূৰ্তি উপলক্ষে “আজাদী কী অমৃত মহোৎসৱ”ৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশতে আয়োজন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস । ইয়াৰে সমান্তৰালকৈ আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো উদযাপন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস । আজি পুৱা বৰঝাৰ বিমানবন্দৰৰ বিশাল পাৰ্কিং স্থানত বৰঝাৰ বিমানবন্দৰৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ যুটীয়া উদ্যোগত আয়োজন কৰা আন্তৰাষ্ট্ৰীয় যোগ দিৱসত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান তথা বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়া-কর্মচাৰী সকলে অংশগ্ৰহণ কৰে । প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত যোগাসনৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলে শাৰীৰিক আৰু মানসিক উৎকর্ষ সাধনৰ উদ্দেশ্যে বিভিন্ন যোগ আৰু প্রানায়াম প্ৰদৰ্শন কৰে । যোগাসন আৰু প্রানায়ামত বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱাৰ লগতে কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কামাণ্ডেন্ট লালমোহন ঠাকুৰেও ভাগ লয় । তদুপৰি যোগাসনত অংশ লোৱা লোক সকলৰ মানসিক প্ৰশান্তিৰ লগতে এগৰাকী সুস্থ শৰীৰৰ গৰাকী হোৱাৰ লক্ষ্যৰে বিশ্ব প্ৰসিদ্ধ, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ৰ ন্যাসৰক্ষী বি কে ৰাকেশে আধ্যাত্মিক জীৱন দৰ্শন সন্দৰ্ভত এক মননশীল বক্তব্য প্ৰদানৰ লগতে সকলোকে ধ্যান কৰোৱাই আৰু বি কে নন্দিতাই সহযোগ কৰে। তাৰোপৰি বিমানকোঠ কতৃপক্ষৰ ফালৰ পৰা কাঁহিকুচি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ মাজতো যোগাসন অনুষ্ঠিত কৰা হয়। তাৰোপৰি বিমানকোঠ কতৃপক্ষই যাত্ৰীসকল মাজত যোসাসনৰ সজাগতা বৃদ্ধিৰ বাবে বিমানকোঠৰ আগমন কক্ষৰ বাহিৰত এখন মুকলি যোগাসন মঞ্চৰ আয়োজন কৰে। য’ত যোসাসন প্ৰশিক্ষকৰ দ্বাৰা যোগ প্ৰদৰ্শন আৰু জ্ঞানৰ বিনিময় কৰা হয়। প্ৰায়সংখ্যক যাত্ৰীয়ে এই মঞ্চত যোগদান কৰে। প্ৰস্থান কক্ষৰ ভিতৰতো দুগৰাকী যোসাসন প্ৰশিক্ষকৰ দ্বাৰা যাত্ৰীসকলক যোগাসন শিকোৱা হয়।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem