গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসনযুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ চলাচল কৰিব। আজি বিয়লি ৪.৪০ বজাত বৰঝাৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিমানখনত আন আন যাত্ৰীৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, উত্তৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা, অৰুণাচল প্ৰদেশৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী টাকী টেগো যাত্ৰীৰ ৰূপত লীলাবাৰীলৈ যাত্ৰা কৰে। আনহাতে এই উপলক্ষে বৰঝাৰ বিমানবন্দৰত আয়োজিত চমু অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, ফ্লাইবিগৰ পৰিচালন সঞ্চালক কেপ্তেইন সঞ্জয় মাণ্ডাডিয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে সপ্তাহৰ চাৰিদিন ক্ৰমে – মঙল , বৃহস্পতিবাৰ , শনিবাৰ আৰু দেওবাৰে গুৱাহাটী আৰু লীলাবাৰীৰ মাজত চলাচল আৰম্ভ হোৱা ৭২ খন আসনযুক্ত বিমানখন চাৰিওদিনতে গুৱাহাটীৰ পৰা বিয়লি ৪.৪০ বজাত যাত্ৰা কৰিব । সন্ধিয়া ৫.২৫ বজাত গৈ বিমানখন লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব। তেনেদৰে সেই চাৰিদিন বিমানখন সন্ধিয়া ৫.৫০ বজাত লীলাবাৰী বিমানবন্দৰৰ পৰা উৰা মাৰি ৬.৪০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব। উল্লেখযোগ্য যে গুৱাহাটী-লীলাবাৰীৰ মাজত পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত উত্তৰ অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল উপকৃত হ`ব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram