যোগৰ অৰ্থ হৈছে একত্ৰীকৰণ কৰা বা লগ হোৱা। জীৱাত্মাৰ লগত পৰামত্মাৰ মিলনেই হৈছে যোগ। যোগে মানুহৰ যিকোনো সমস্যা সমাধানৰ উপাই দিয়ে। ৪ নৱেম্বৰত গুৱাহাটী পল্টানবজাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগত অৱসৰপ্ৰাপ্ত অভিযন্তা কুলজিৎ বৰুৱাৰ ‘Yoga Philosophy of Indian & the East’ নামৰ গ্ৰন্থখন উন্মোচন কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট লেখক তথা লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা নিশুটি মজুমদাৰে। স্বামী,বন্ধু, মহাৰাজৰ মংগলাচৰণেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখন সভাপতিত্ব কৰে বিশিষ্ট লেখক তথা গালৰ্ছ পলিটেকনিকৰ অৱসৰী অধ্যক্ষ দীনেশ দত্তই। হেমেন কলিতা আৰু গীতাশ্ৰী বৰাই আঁতধৰা সভাখনত বিশিষ্ট লেখক তথা দিলীপ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি কিতাপ পঢ়া আৰু লেখাৰ আনন্দৰ বিষয়ে আলোকপাত কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাই যোগৰ উপকাৰিতা বিষয়ে ব্যাখ্যা কৰি কুলজিৎ বৰুৱাই সহজ সৰল ইংৰাজী ভাষাত লিখা গ্ৰন্থখন পঢ়ুৱৈ সমাজে আদৰি লব বুলি আশা প্ৰকাশ কৰে। সভাত বিশিষ্ট লেখক দীনেশ দত্তই উপস্থিত থাকি যোগ হৈছে বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰা এক মাধ্যম। অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কম। যোগে শৰীৰ নিৰোগী কৰে আৰু ইয়াৰ প্ৰত্যকেই যোগ কৰা উচিত বুলিও ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লেখক কুলজিৎ কুমাৰ বৰুৱাই এই গ্ৰন্থখন লেখাৰ আৰৰ কথা উল্লেখ কৰাৰ পূৰ্বে বিশিষ্ট সমাজহিতৈষী মহেন্দ্ৰ কুমাৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ