দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত বৰহেৰামদো সত্ৰত যোৱা ১৪ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। এই উপলক্ষে জন্মোৎসৱৰ আগদিনা অৰ্থাৎ গন্ধৰ দিনা খঞ্জুৰি নাম পৰিৱেশন কৰা হয়। জন্মোৎসৱৰ দিনা পুৱা উষা কীৰ্তনৰ পিছত বুঢ়ী আইসকলে নাম কীৰ্তন কৰে। ধৰ্মধ্বজা উত্তোলন কৰে বৰহেৰামদো সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্তই। ইয়াৰ পিছতে ৰাইজে সমূহীয়া নাম প্ৰসঙ্গ কৰে। আবেলি আইসকলে দিহানাম পৰিবেশন কৰাৰ পিছত ৰাইজে গাঁৱত নাম কীৰ্তন কৰে।শেষত চৌতালী নাম পৰিৱেশন কৰি জন্মোৎসৱৰ কাৰ্যসূচী সমাপ্ত কৰে। সেইদৰে ১৫ অক্টোবৰৰ কাৰ্যসূচী অনুসৰি বৰহেৰামদো সত্ৰৰ ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্ত,সভাপতি চন্দ্ৰ বৰুৱা,সম্পাদক মুকুল মহন্ত আদিকে ধৰি পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে বাপ বান্ধৱ,আই মাতৃ আদি উপস্থিত থাকে।উল্লেখযোগ্য যে ১৫৬৩ চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই দক্ষিণ কামৰূপত এই ঐতিহাসিক সত্ৰখন স্থাপন কৰিছিল।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা