দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত বৰহেৰামদো সত্ৰত যোৱা ১৪ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। এই উপলক্ষে জন্মোৎসৱৰ আগদিনা অৰ্থাৎ গন্ধৰ দিনা খঞ্জুৰি নাম পৰিৱেশন কৰা হয়। জন্মোৎসৱৰ দিনা পুৱা উষা কীৰ্তনৰ পিছত বুঢ়ী আইসকলে নাম কীৰ্তন কৰে। ধৰ্মধ্বজা উত্তোলন কৰে বৰহেৰামদো সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ উমেশ মহন্তই। ইয়াৰ পিছতে ৰাইজে সমূহীয়া নাম প্ৰসঙ্গ কৰে। আবেলি আইসকলে দিহানাম পৰিবেশন কৰাৰ পিছত ৰাইজে গাঁৱত নাম কীৰ্তন কৰে।শেষত চৌতালী নাম পৰিৱেশন কৰি জন্মোৎসৱৰ কাৰ্যসূচী সমাপ্ত কৰে। সেইদৰে ১৫ অক্টোবৰৰ কাৰ্যসূচী অনুসৰি বৰহেৰামদো সত্ৰৰ ডেকা সত্ৰাধিকাৰ ধীৰেন মহন্ত,সভাপতি চন্দ্ৰ বৰুৱা,সম্পাদক মুকুল মহন্ত আদিকে ধৰি পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে বাপ বান্ধৱ,আই মাতৃ আদি উপস্থিত থাকে।উল্লেখযোগ্য যে ১৫৬৩ চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই দক্ষিণ কামৰূপত এই ঐতিহাসিক সত্ৰখন স্থাপন কৰিছিল।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন