১৬ ৰ পৰা ১৮চেপ্তেম্বৰলৈ লেবাননৰ বেইৰুট ইউনেছকো পেলেচত অনুষ্ঠিত হৈ যায় এখন আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী ৷ পিচ্-৩ ( peace – 3 ) শীৰ্ষক এই প্ৰদৰ্শনীখন ১৬ চেপ্তেম্বৰত যুটীয়াভাৱে উদ্বোধন কৰে লেবাননৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী মিঃ মহম্মদ উইছাম মূৰটাদা আৰু ভাৰতৰ ৰাষ্ট্ৰদূত ড° চোহেইল আয়াজ খানে ৷ লেবাননৰ ইউনেছকো পেলেচ আৰু ভাৰতৰ এছ এম ডি(SMD) ফাউণ্ডেচনৰ বেনাৰত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত ভাৰতকে ধৰি জৰ্ডান , আমেৰিকা যুক্তৰাষ্ট্ৰ, আলবেনিয়া, জাৰ্মান , টাইৱান, আৰু ভিয়েটনাম আদি কেইবাখনো দেশৰ চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰদৰ্শনীখনৰ অন্যতম আকৰ্ষণ আছিল তাত উপস্থিত থকা লেবানন চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মুখ্য প্ৰৱন্ধক তথা কলা সমালোচক গৰাকী ৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী সভাত সাংস্কৃতিক মন্ত্ৰী মহম্মদ উইছাম মুৰটাদা , ৰাষ্ট্ৰদূত ড° চাহিল আয়াজ খান আৰু এছ এম ডি (SMD) ফাউণ্ডেচনৰ সভাপতি মিন্টু ডেকাই নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে সকলো শিল্পীকে অভিবাদন জনাই তেওঁলোকৰ সৃষ্টিশীল কৰ্মৰ বাবে ভূয়সী প্ৰশংসা কৰে ৷ এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত অসমৰ হৈ মিন্টু ডেকা উপস্থিত থকাৰ লগতে শিল্পী জোনমণি বৰায়ো নিজৰ প্ৰিন্ট ছবিৰে অংশগ্ৰহণ কৰে ৷এই চিত্র প্রদর্শনী খনত লেবাননৰ এশ গৰাকী শিল্পীৰ লগতে বিদেশৰ ত্ৰিশ গৰাকী চিত্র শিল্পীৰ মুঠ ১৩০ খন শিল্প কৰ্ম প্ৰদৰ্শিত হয়। জীৱন আৰু জগতৰ বিভিন্ন ভাবানুভুতিক মটিফ হিচাপে লৈ অংকণ কৰা ছবিসমূহে দৰ্শক সমালোচকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে৷
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta